গুৱাহাটী, 9 অক্টোবৰ: অসমৰ ভয়াবহ বান আৰু গৰাখহনীয়া ৰোধৰ বাবে এক প্ৰকল্প তৈয়াৰ কৰি উলিয়াইছে মহানগৰীৰ এজন ব্যক্তিয়ে ৷ নাৰেংগীৰ ৰমেন কুমাৰ ডেকা নামৰ ব্যক্তিজনে প্ৰস্তুত কৰি উলিয়াইছে ভূটানৰ পৰা অহা পানী কেনেদৰে বোৱাই নি বংগোপ সাগৰত পেলাব পাৰি তাৰ ওপৰত এক বিশেষ প্ৰকল্প ৷
বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই প্ৰকল্পৰ কথা অৱগত কৰে ৰমেন কুমাৰ ডেকাই ৷ তেঁও প্ৰকাশ কৰে যে, চৰকাৰে এই প্ৰকল্প গ্ৰহন কৰিলে ৰোধ কৰিব পাৰিব অসমৰ ভয়াৱহ বান তথা গৰাখহনীয়া ৷
লগতে পঢ়কঃ চিৰাঙত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰী