ETV Bharat / state

বানত বিধ্বস্ত ৰঙিয়াৰ মীনপালক - fisherman

বানত বিধ্বস্ত ৰঙিয়াৰ মীনপালক । বাঢ়নী পানীৰ বাবেই ওলাই গৈছে বহু পুখুৰীৰ মাছ । যাৰ বাবে বিমৰোত পৰিছে মীনপালকসকল । সেয়হে পৰিয়াল পোহপাল দিবলৈ চৰকাৰৰ পৰা সহায় বিচাৰিছে মীনপালকসকলে ।

ৰঙিয়া
বানত বিধ্বস্ত ৰঙিয়াৰ মীনপালক
author img

By

Published : May 29, 2020, 5:07 PM IST

ৰঙিয়া, ২৯ মে': বানৰ কবলত পৰা ৰঙিয়াৰ বহু অঞ্চলৰ মৎস্য পালকৰ মাজত হাহাকাৰ অৱস্থা । বছৰৰ প্ৰথমটো বানতে বিধস্ত কেইবা শতাধিক মৎস্যপালক । বানপানীত ওলাই গৈছে বহু পুখুৰীৰ মাছ । ৰঙিয়াৰ জয়ন্তীপুৰ, দদোতিয়া, তাৰাকুছি, নিতেনী আদিৰ বহু লোকৰ মূল জীৱিকাই হৈছে মৎস্যপালন । এই মৎস্যপালনৰ দ্বাৰাই পোহপাল দি আহিছে নিজৰ পৰিয়ালক । যোৱা কিছুদিন ধৰি নেৰানপৰা বৰষুণৰ ফলত বিপদজ্বনক ভাবে বৃদ্ধি পাইছে বৰলীয়া নৈৰ জলস্তৰ ।

ৰঙিয়া
বানত বিধ্বস্ত ৰঙিয়াৰ মীনপালক

বৰলীয়া নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোত থকা পুখুৰী বোৰ বুৰাই পেলোৱাত গোটেই মাছবোৰ ওলাই যোৱাত মূৰে-কপালে হাত দিছে মৎস্যপালক সকলে । তাৰোপৰি পানীৰ লগত অহা মেটেকাবোৰত আৱৰি ধৰাত আন এক সমস্যাৰ সৃষ্টি হৈছে । মৎস্যপালক সকলে পানীত নামি আতৰাব লগা হৈছে মেটেকাবোৰ।

বানত বিধ্বস্ত ৰঙিয়াৰ মীনপালক

ইফালে দিশহাৰা মৎস্যপালক সকলে প্লাষ্টিকৰ নেট দি পুখুৰীৰ চৌদিশ আৱৰাৰ চেষ্টা কৰিছে যদিও ইতিমধ্যে পুখুৰীৰ পৰা ওলাই গৈছে বহু মাছ । যাৰ বাবে পৰিয়াল পোহপাল দিবলৈ চৰকাৰৰ পৰা সহায় বিচাৰিছে মীনপালকসকলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.