ETV Bharat / state

লক ডাউনৰ ফলত লোকচানৰ সন্মুখীন ৰাজ্যৰ ক্ষুদ্ৰ মীন ব্যৱসায়ী - ঋণাত্মক প্ৰভাৱ

ৰঙিয়াৰ বালিগাঁওত থকা ৰাজ্যৰ নামনি অসমৰ সৰ্ববৃহৎ মাছৰ পোনাৰ বজাৰৰ ব্যৱসায়ীসকল লক ডাউনৰ ফলত যথেষ্ট পৰিমাণে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ এই মাছৰ পোনাৰ বজাৰখনৰ লগত প্ৰত্যক্ষভাৱে প্ৰায় পাঁচ হাজাৰ লোক জড়িত হৈ থকাৰ বিপৰীতে পৰোক্ষভাৱে ভাৱে প্ৰায় এক লাখ লোক জড়িত হৈ আছে।

Fish selling problem in Assam
লক ডাউনৰ ফলত লোকচানৰ সন্মুখীন ৰাজ্যৰ ক্ষুদ্ৰ মীন ব্যৱসায়ী
author img

By

Published : Apr 24, 2020, 11:44 AM IST

ৰঙিয়া,24এপ্ৰিলঃ লক ডাউনৰ ফলত দেশৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ ব্যৱসায়িক খণ্ড এতিয়া লোকচানৰ গৰাহত ৷ তাৰে ভিতৰত ৰঙিয়াৰ বালিগাঁৱত থকা ৰাজ্যৰ নামনি অসমৰ সৰ্ববৃহৎ মাছৰ পোনাৰ বজাৰৰ ব্যৱসায়ীসকল লক ডাউনৰ ফলত যথেষ্ট পৰিমাণে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ ইতিমধ্যে চৰকাৰে মাছৰ পোনা উৎপাদনৰ বাবে অনুমতি প্ৰদান কৰিছে যদিও কেনেদৰে ৰপ্তানি কৰা হ'ব এই বিষয়ে এতিয়াও স্পষ্ট কৰি দিয়া নাই। উল্লেখযোগ্য যে,মাছৰ পোনাৰ ব্যৱসায় মাৰ্চ মাহৰ মাজভাগৰ পৰা আৰম্ভ হয়। ইফালে ৰপ্তানি নকৰাৰ ফলত মাছৰ পোনাবোৰ ইতিমধ্যে যথেষ্ট ডাঙৰ হৈছে। যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে ক্ষুদ্ৰ মীন ব্যৱসায়ীসকল।

লক ডাউনৰ ফলত লোকচানৰ সন্মুখীন ৰাজ্যৰ ক্ষুদ্ৰ মীন ব্যৱসায়ী

আনহাতে এই মাছৰ পোনাৰ বজাৰখনৰ লগত প্ৰত্যক্ষভাৱে প্ৰায় পাঁচ হাজাৰ লোক জড়িত হৈ থকাৰ বিপৰীতে পৰোক্ষভাৱে ভাৱে প্ৰায় এক লাখ লোক জড়িত হৈ আছে। ইয়াৰ উপৰিও এই বজাৰখনৰ পৰা উত্তৰ পূব ভাৰতত মাছৰ পোনা যোগান ধৰা হয়।

এই বজাৰ খনৰপৰা যদিহে শীঘ্ৰেই মাছৰ পোনা বিক্ৰীৰ বাবে ব্যৱস্থা কৰা নহয়,তেতিয়াহ'লে হয়তো অহা বছৰত বিশেষকৈ অসমত মাছৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ঋণাত্মক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃলক ডাউনে কেনেদৰে বিধ্বস্ত কৰিলে অসমৰ ব্যৱসায়িক খণ্ড: ই টিভি ভাৰত বিশেষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.