- দক্ষিণ কামৰূপৰ বকো আৰু ছয়গাঁৱৰ উত্তৰ - পশ্চিমাঞ্চলত ফেণীৰ প্ৰভাৱ
- নেৰানেপেৰা বৰষুণৰ ফলত কলহী নৈৰ পাৰ ভাঙি পানীৰ তলত বহু অঞ্চল
- বাঢ়নী পানীৰ তাণ্ডৱত উপায়ন্তৰ হৈ পৰিছে কৃষক ৰাইজ
- ছয়গাঁও আৰু বকো সমষ্টিৰ ইৰি খেতি পথাৰ ইতিমধ্যে পানীত বুৰ গৈছে
- ধান চপোৱাৰ দিন চমু চাপি অহাৰ সময়তে দিগবিদিক হেৰুৱাইছে কৃষকে
- প্ৰায় ১০ হাজাৰ ইৰি খেতিৰ ভূমি বৰ্তমান পানীৰ তলত
- ৰাস্তা - ঘাট বুৰ যোৱাত যোগাযোগো বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোত
দক্ষিণ কামৰূপৰ বকোত ফেণীৰ প্ৰভাৱ - ETV BHARAT
দক্ষিণ কামৰূপৰ বকো আৰু ছয়গাঁৱৰ উত্তৰ - পশ্চিমাঞ্চলত ফেণীৰ প্ৰভাৱে জলমগ্ন কৰি তুলিছে বহু অঞ্চল ৷ কলহী নৈৰ বাঢ়নী পানীৰ তাণ্ডৱত কৃষক ৰাইজ উপায়ন্তৰ হৈ পৰাৰ লগতে ৰাস্তা - ঘাট বুৰ যোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷
দক্ষিণ কামৰূপৰ বকোত ফেণীৰ প্ৰভাৱ
- দক্ষিণ কামৰূপৰ বকো আৰু ছয়গাঁৱৰ উত্তৰ - পশ্চিমাঞ্চলত ফেণীৰ প্ৰভাৱ
- নেৰানেপেৰা বৰষুণৰ ফলত কলহী নৈৰ পাৰ ভাঙি পানীৰ তলত বহু অঞ্চল
- বাঢ়নী পানীৰ তাণ্ডৱত উপায়ন্তৰ হৈ পৰিছে কৃষক ৰাইজ
- ছয়গাঁও আৰু বকো সমষ্টিৰ ইৰি খেতি পথাৰ ইতিমধ্যে পানীত বুৰ গৈছে
- ধান চপোৱাৰ দিন চমু চাপি অহাৰ সময়তে দিগবিদিক হেৰুৱাইছে কৃষকে
- প্ৰায় ১০ হাজাৰ ইৰি খেতিৰ ভূমি বৰ্তমান পানীৰ তলত
- ৰাস্তা - ঘাট বুৰ যোৱাত যোগাযোগো বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোত
Intro:সাগৰীয় ঘূৰ্ণীবতাহ ফনিৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ পিছত দক্ষিণ কামৰূপৰ বকো আৰু ছয়গাঁৱৰ উত্তৰ-পশ্চিমাঞ্চল সৃষ্টি হৈছে বাঢ়নী পানীৰ তাণ্ডৱ। কলহী নৈৰ পাৰ ভাঙি পানীত বুৰ গৈছে হাজাৰ হাজাৰ বিঘাৰ ইৰি খেতি। কপালৰ ঘাম মাটিত পেলাই চহা খেতিৰ পৰা কৃষকে এইবাৰ নাপাৱ আশা কৰা ফচল।Body:ফনিৰ প্ৰভাৱত দুদিন নেৰানেপেৰা বৰষুণ। তাৰ পিছত হোহোৱাই নামি আহিল মেঘালয়ৰ পাহাৰৰ পৰা পানী। বৰ্তমান বকো আৰু ছয়গাঁও সমষ্টিৰ উত্তৰ-পশ্চিমাঞ্চলত কৃত্ৰিম বানপানী। কলহী নৈৰে নামি অহা পানীত ডুব গ'ল ছয়গাঁও সমষ্টিৰ লাউৰাজানৰ, ভাউৰীয়াভিঠা, হাতীশোলা ভলুকাবাড়ী, কৰাইবিল আদি কৰি বকো সমষ্টিৰ ছমৰীয়া, বালিঝাৰ, মালিবাড়ী, শোলা ডেকাচাং আদি অঞ্চলৰ ইৰি খেতি পথাৰ। কলহী নৈৰ ৰিংবান ভাঙি পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱ। হঠাতে হোৱা প্ৰকৃতিৰ এনে অথন্তৰত উপায়ন্তৰ হৈ পৰিছে কৃষক ৰাইজ। ধান চপোৱাৰ দিন চমু চাপি অহাৰ সময়ত এনে দুৰ্যোগত দিগবিদিক হেৰুৱাইছে কৃষকে।Conclusion:BYTE_ভূক্তভোগী
উল্লেখ যে অঞ্চলটোৰ প্ৰায় নদন বদন হৈ উঠা ১০ হাজাৰ ইৰি খেতিৰ ভূমি বৰ্তমান পানীৰ তলত। ৰাস্তা-ঘাট বুৰ গৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোত। এতিয়া হতভগা অঞ্চলটোৰ কৃষক ৰাইজক সকাহ দিবলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।