ETV Bharat / state

দুলাল ৰয় আৰু আৰতি দাসলৈ ২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰঙিয়াত অনুষ্ঠিত হ'ল নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰঙিয়াৰ স্থানীয় বিধায়ক তথা দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী ভবেশ কলিতা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে উপষ্ঠিত থাকে ।

২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান
author img

By

Published : Jul 31, 2019, 10:41 PM IST

ৰঙিয়া,31 জুলাইঃ বৃহস্পতিবাৰে ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত ২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰঙিয়াৰ স্থানীয় বিধায়ক তথা দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী ভবেশ কলিতা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে উপষ্ঠিত থাকে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোত এইবাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটা শ্ৰী দুলাল ৰয় আৰু শ্ৰীমতী আৰতি দাস বৈৰাগীক প্ৰদান কৰে ।

২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান

উল্লেখ্য যে এই বঁটাত আছে দুই লাখ টকা, এখন অংগবস্ত্ৰ, গামোচা আৰু এখন শৰাই । ইপিনে এই বঁটা লাভ কৰা শ্ৰী দুলাল ৰয়ে একে অনুষ্ঠানতেই মুখ্যমন্ত্ৰীৰ হাতত বান সাহায্য ৰূপে 1 লাখ টকা আগবঢ়াই ।

Intro:ৰঙিয়াত অনুষ্ঠিত হ'ল নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান অনুষ্ঠানBody:আজি ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত ২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰঙিয়াৰ স্থানীয় বিধায়ক তথা দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী ভবেশ কলিতা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে উপষ্ঠিত থাকে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোত এইবাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটা শ্ৰী দুলাল ৰয় আৰু শ্ৰীমতী আৰতি দাস বৈৰাগীক প্ৰদান কৰা হয়। দিনৰ আঢ়ৈ বজাত ৰঙিয়া পেৰেড গ্ৰাউণ্ডত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। লক্ষণীয় যে, স্বপ্ৰতিভাৰে মহীয়ান অভিনেতা, নাট্যকাৰ, পৰিচালক তথা অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ নটসূৰ্য ফণী শৰ্মাৰ সোঁৱৰণত আগবঢ়োৱা বঁটাৰ বাবে মনোনীত দুলাল ৰয় হৈছে অসমৰ নাট্য আন্দোলনৰ জীৱন্ত কিম্বদন্তিস্বৰূপ । ১৯৪৩ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা দিল্লীৰ 'ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়'ৰ স্নাতক ডিগ্ৰীধাৰী দুলাল ৰয়ে পিগমেলিয়ন, ইন্সপেক্টৰ জেনেৰেল, ওৱেইটিং ফৰ্ গড, অন্ধ যুগ আদিকে ধৰি বৰ্তমানলৈকে বহু নাটক পৰিচালনা কৰাৰ লগতে লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা, নাট্য ভাস্কৰ আদি সন্মান । একেদৰে, ১৯৪৩ চনত জন্মগ্ৰহণ কৰা আৰতি দাস বৈৰাগীয়েও অসমীয়া নাট্য জগতলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান । ১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাত যোগদান কৰা বিশিষ্ট নাট্যশিল্পী বৈৰাগীয়ে বহু নাট ৰচনা কৰাৰ উপৰিও বিভিন্ন ভাষাৰ বহু নাটক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে । ২০১৭ চনত শিল্পী গৰাকীয়ে লাভ কৰে শিল্পী প্ৰাণ মাখন দেৱান স্মাৰক বঁটা। স্মৰ্তব‍্য যে এই বঁটাত আছে দুইলাখ টকা, এখন অংগবস্ত্ৰ, গামোচা আৰু এখন শৰাই। এই বঁটা লাভ কৰা শ্ৰী দুলাল ৰয়ে অনুষ্ঠানতেই মুখ‍্যমন্ত্ৰীৰ হাতত বান সাহাৰ্য্য ৰূপে একলাখ টকা আগবঢ়াই। এই অনুষ্ঠানতেই ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ অনুৰোধ ৰক্ষা কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই ৰঙিয়াত এটি সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰে। অনুষ্ঠানত নটসূৰ্য ফণী শৰ্মাৰ পূত্ৰ অজিত শৰ্মা উপস্থিত থাকি চৰকাৰক ধন্যবাদ জনায়। জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানটোত কেইবা সহাস্ৰাধিক লোক উপস্থিত থাকে ।
Bite:- নৱ কুমাৰ দলে

দুলাল ৰয়
আৰতি দাস বৈৰাগী
অজিত শৰ্মা ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.