ETV Bharat / state

ই টি ভি ভাৰতৰ বাতৰিয়ে হাঁহি বিৰিঙাইছে এটা পৰিয়ালৰ মুখত - ই টি ভি ভাৰতক ধন্যবাদ জনাইছে যুৱকজনৰ পৰিয়ালে

ই টি ভি ভাৰতে প্ৰথমবাৰৰ বাবে প্ৰচাৰ কৰিছিল চিকিৎসাৰ অভাৱত দুবছৰ দিন ধৰি নৰক যান্ত্ৰণা ভুগি থকা মৃদুল ডেকাৰ বাতৰি ৷ তাৰ পাচতেই মৃদুলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন ৷

ETV BHARAT NEWS IMPACT
মৃদুলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন
author img

By

Published : Feb 14, 2020, 4:31 PM IST

ৰঙিয়া,14 ফেব্ৰুৱাৰী: যোৱা 10 ফেব্ৰুৱাৰীত ইটিভি ভাৰতে সম্প্ৰচাৰ কৰিছিল এজন যুৱকৰ বাতৰি ৷ যুৱকজন ৰঙিয়া চেনীমৰাৰ মৃদুল ডেকা। চিকিৎসাৰ অভাৱত দুবছৰ দিন ধৰি নৰক যান্ত্ৰণা ভুগি আছিল এই যুৱকজনে ৷ ই টি ভি ভাৰতে প্ৰথমবাৰৰ বাবে যুৱকজনৰ দুৰ্দশাৰ বাতৰিটো প্ৰচাৰ কৰাৰ পাচতেই এতিয়া মৃদুলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন ৷

মৃদুলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন

GMCHৰ জেষ্ঠ চিকিৎসক মৃনাল ভূঞাই নিজে যুৱকজনৰ চিকিৎসা কৰাৰ লগতে সকলো ঔষধ পাতি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে পৰিয়ালটোক । ইয়াৰোপৰি বহুকেইজন লোকে ইতিমধ্যে আৰ্থিক অনুদান আগবঢ়াইছে যুৱকজনলৈ ৷ মৃদুলক এইদৰে বিভিন্নজনে সহায়ৰ হাত আগবঢ়োৱাত ই টি ভি ভাৰতক ধন্যবাদ জনাইছে যুৱকজনৰ পৰিয়ালে ৷ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠক মৃদুল,আমিও তাকেই কামনা কৰো ৷

লগতে পঢ়ক :

অসুস্থ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষঃ আৰ্থিক সহায়ৰ আহ্বান চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.