ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাবঃ পলাশবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন উপায়ুক্তৰ - মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া

মঙলবাৰে অঞ্চলটোত হৈ থকা ভয়ংকৰ গৰাখহনীয়া সন্দৰ্ভত ইটিভি ভাৰতে বাতৰি প্ৰকাশ কৰাৰ পাছতেই বুধবাৰে পলাশবাৰী গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কামৰূপ জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ ৷

Etv Bharat news impact : DC visited erosion area at palashbari
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাবঃ পলাশবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন উপায়ুক্তৰ
author img

By

Published : Aug 20, 2020, 7:27 AM IST

দক্ষিণ কামৰূপ, 20আগষ্টঃ সমগ্ৰ দক্ষিণ কামৰূপত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত তিনিকুৰিতকৈও অধিক গাঁও জাহ যোৱাৰ পিচতো খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে চৰকাৰে। কোটি কোটি টকা ব্যয় সাপেক্ষে সময়ে সময়ে চৰকাৰে আঁচনি ৰূপায়ণ কৰি আহিছে যদিও বিষয়া-আমোলাৰ দুৰ্নীতিৰ বাবে আজি পৰ্যন্ত উপকৃত হোৱা নাই জনসাধাৰণ ।

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাবঃ পলাশবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন উপায়ুক্তৰ

উল্লেখযোগ্য যে, বিশেষকৈ পলাশবাৰীৰ নহিৰা গুইমাৰাত তীব্ৰ খহনীয়াই বিশাল অঞ্চল গ্ৰাস কৰিছে । কিছুদিন পূৰ্বে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সেই স্থানত উপস্থিত হৈছিল যদিও বিশেষ একো ব্যৱস্থা লোৱা দেখা নগ’ল। যাৰ ফলত আকৌ তীব্ৰ খহনীয়া আৰম্ভ হৈছে গুইমাৰাত । অৱশেষত বুধবাৰে বিয়লি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক আৰু অতিৰিক্ত উপায়ুক্ত ৰশ্মি বৰুৱা গগৈ উপস্থিত হৈ সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। উপায়ুক্তগৰাকীয়ে লগতে বান আৰু খহনীয়াত সৰ্বশ্ৰান্ত হোৱা লোকসকলৰ লগতো আলোচনাত মিলিত হয় ।

লগতে পঢ়কঃ জাতীয়তাবাদী ৰাজনৈতিক দল: আছু, যুৱছাত্ৰ পৰিষদে ঘোষণা কৰিলে উপদেষ্টা কমিটী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.