ETV Bharat / state

ৰঙিয়া জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত অনুপস্থিত কৰ্মচাৰী - rangiya

মন্ত্ৰীৰ গৃহ সমষ্টিত তেওঁৰ বিভাগতেই উপষ্ঠিত নাথাকে কৰ্মচাৰী । বিভিন্ন কামৰ বাবে অহা ৰাইজে প্ৰায়েই উভতি যাব লগা হয় কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে ।

ৰঙিয়া জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত অনুপস্থিত কৰ্মচাৰী
author img

By

Published : May 31, 2019, 8:58 AM IST

ৰঙিয়া, 30 মে’: চৰকাৰ সলনি হ'ল, কিন্তু সলনি নহ’ল চৰকাৰী কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতি । জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াতো জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত একেই দৃশ্য । ৰঙিয়াৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত দুপৰীয়া ১২.৩০ বজালৈকে মুঠ ১৩ গৰাকী বিষয়া-কৰ্মচাৰীৰ ভিতৰত উপস্থিত আছে মাত্ৰ ৩ জন কৰ্মচাৰী । কাৰ্যালয়টোৰ অধিকাংশ বিষয়া-কৰ্মচাৰীয়ে প্ৰায়ে অনুপস্থিত থাকি পালমৰা ধৰণেৰে কৰ্তব্য সমাপন কৰি আহিছে । জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াৰ এনে দৃশ্য‌ই বিভাগীয় কাৰ্যালয়টোৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। কাৰ্যালয়টোৰ এজন কৰ্মচাৰীয়ে অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক বিভিন্ন অজুহাত দেখুৱাই ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলায় । কোনোবাই যদি ফিল্ড চাৰ্ভেত গৈছে , আন কোনোবাই বেংক অথবা চিকিৎসাজনিত কাৰণত অনুপস্থিত থকাৰ অজুহাত। খোদ বিভাগীয় মন্ত্ৰীৰ গৃহ সমষ্টিতে এনেদৰে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে নীতি-নিয়মক বৃদ্ধ অংগুষ্ঠ প্ৰদৰ্শন কৰি কৰ্মত ফাঁকি দি আহিছে ।

Intro:মন্ত্ৰীৰ গৃহ সমষ্টিত তেওঁৰ বিভাগতেই উপষ্ঠিত নাথাকে কৰ্মচাৰী। বিভিন্ন কামৰ বাবে অহা ৰাইজে প্ৰায়েই ওভতি যাব লগা হয় কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে।Body:চৰকাৰ সলনি হ'ল, কিন্তু সলনি নহল চৰকাৰী কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতি। সেয়া লাগিলে এজন মন্ত্ৰীৰ গৃহ সমষ্টিৰ নিজৰ বিভাগৰ কথাই নহওক কিয়। আমি কথা কৈ আছোঁ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ কথা । ৰঙিয়াৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত দুপৰীয়া ১২.৩০ বজালৈকে মুঠ ১৩ গৰাকী বিষয়া-কৰ্মচাৰীৰ ভিতৰত উপস্থিত আছে মাত্ৰ ৩ জন কৰ্মচাৰী । কাৰ্যালয়টোৰ অধিকাংশ বিষয়া-কৰ্মচাৰীয়ে প্ৰায়ে অনুপস্থিত থাকি পালমৰা ধৰণেৰে কৰ্তব্য সমাপন কৰি আহিছে । জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াৰ এনে দৃশ্য‌ই বিভাগীয় কাৰ্যালয়টোৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ৰাইজৰ আগত। কাৰ্যালয়টোৰ এজন কৰ্মচাৰীয়ে অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক বিভিন্ন অজুহাত দেখুৱাই ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলায় । কোনোবাই যদি field survey ত গৈছে , আন কোনোবাই বেংক অথবা চিকিৎসাজনিত কাৰণত অহা নাই বুলি কৈফিয়ৎ দিব বিচাৰিলে তেওঁ। খোদ বিভাগীয় মন্ত্ৰীৰ গৃহ সমষ্টিতে এনেদৰে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে নীতি-নিয়মক বৃদ্ধ অংগুষ্ঠ প্ৰদৰ্শন কৰি কৰ্মত ফাঁকি দি আহিছে ।
Bite:- employeeConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.