ETV Bharat / state

বকোৰ হাহিমত বন্যহস্তীৰ কৰুণ মৃত্যু - Hahim elephant death news

গুলীবিদ্ধ হৈ হাহিমৰ নোৱাপাৰাত মৃত্যু এটা বন্যহস্তীৰ । মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে কোনো দুৰ্বৃত্তই গুলীয়াইছিল হাতীটোক । উন্নত চিকিৎসা ব্যৱস্থাৰ অভাৱ আৰু বন বিভাগৰ হেমাহিৰ বাবে হাতীটোৱে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল বুলি অভিযোগ কৰিছে একাংশ লোকে ।

বকোৰ হাহিমত বন্যহস্তীৰ কৰুণ মৃত্যু
বকোৰ হাহিমত বন্যহস্তীৰ কৰুণ মৃত্যু
author img

By

Published : Apr 4, 2021, 3:32 PM IST

বকো, ৪ এপ্ৰিল: বকোত শোকাৱহ ঘটনা । গুলীবিদ্ধ হৈ হাহিমৰ নোৱাপাৰাত মৃত্যু এটা হাতীৰ । মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে কোনো দুৰ্বৃত্তই গুলীয়াইছিল হাতীটোক । ইয়াৰ পিছত দাঁত দুটাও কাটি লৈ যায় দুৰ্বৃত্তই । ইফালে দীৰ্ঘদিন ধৰি যন্ত্ৰণাত চটফটাই থাকি অৱশেষত মৃত্যু হয় হাতীটোৰ ।

বকোৰ হাহিমত বন্যহস্তীৰ কৰুণ মৃত্যু

এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয় এলেকাত । কিন্তু বন বিভাগে সকলো গম পোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে একাংশ স্থানীয় লোকে । স্থানীয় একাংশ লোকে খাদ্য যোগান ধৰাৰ লগতে শুশ্ৰূষা কৰিছিল যদিও উন্নত চিকিৎসা ব্যৱস্থাৰ অভাৱ আৰু বন বিভাগৰ হেমাহিৰ বাবে হাতীটোৱে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল বুলিও অভিযোগ কৰিছে একাংশ লোকে ।

লগতে পঢ়ক:পুনৰ ঘোলা হৈ পৰিছে চিয়াঙৰ পানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.