ৰঙিয়া,২১ আগষ্ট : বিদ্যুৎ বিভাগৰ (Electricity Department) বিৰুদ্ধে এতিয়া সৰৱ হৈছে কামৰূপ জিলাৰ ৰঙিয়াৰ একাংশ লোক । বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডক লৈ আচৰিত হৈছে লোকসকল । চৰকাৰে ৰাইজক বিদ্যুৎ যোগানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়তে ৰঙিয়াৰ মাদৈকাটাত বিদ্যুৎ যোগানৰ নামত চলিছে বিভাগটোৰ ল'ৰা ধেমালি ।
বাঁহৰ খুটাৰে অঞ্চলটোত দীৰ্ঘদিন ধৰি বিদ্যুৎ যোগান ধৰি থকা হৈছে । আনকি বৈদ্যুতিক তাঁৰ মাটিত লাগি যোৱাৰো উপক্ৰম হৈছে । ফলত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।
বিভাগটোৰ জোৰা তাপলি মৰা কাৰ্যত এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ইয়াৰ পূৰ্বে বহু পোহনীয়া জন্তু আৰু মানুহ বিদ্যুৎস্পৃষ্ট হৈছে । কিন্তু তাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই বিভাগে ।
আনহাতে এই সন্দৰ্ভত ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ সংমণ্ডলত স্থানীয় ৰাইজে কেইবাবাৰো অভিযোগ দাখিল কৰিছে কিন্তু আজিলৈ কোনো গুৰুত্ব নিদিলে বিদ্যুৎ বিভাগে । বিদ্যুৎ বিভাগৰ এনে গা এৰা মনোভাৱৰ বাবেই এতিয়া চিন্তিত হৈ পৰিছে গাঁওবাসী । ভয় আৰু শংকাৰ মাজেৰে ৰাইজে পাৰ কৰিছে দিন-ৰাতি । সেয়ে এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে পুনৰ বাৰ বিদ্যুৎ বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে ।
লগতে শক্তিমন্ত্ৰী বিমল বৰাৰ (Power minister Bimal Borah) এই ক্ষেত্ৰত প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে ৰাইজে । উল্লেখ্য যে কেৱল ৰঙিয়া বুলিয়ে নহয় অসমৰ ভিন্ন প্ৰান্তত এতিয়াও এনেদৰেই চলিছে বিদ্যুতৰ যোগান । সকলো ক্ষেত্ৰতে অসমৰ উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰখনে (BJP govt) অৱশ্যে অনাগত দিনত ৰাইজৰ এনে সমস্যা সমাধানত কিমান দূৰ সফল হয় সেয়া সময়েহে ক'ব ।
লগতে পঢ়ক:31 আগষ্টৰ ভিতৰত মহানগৰীৰ সকলোকে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক: স্বাস্থ্যমন্ত্ৰী