ETV Bharat / state

নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল

দেওবাৰৰ পৰা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিক্ষক আৰু বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীক ৰঙিয়া আৰু কমলপুৰ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে ৷

নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল
নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল
author img

By

Published : Mar 8, 2021, 3:39 PM IST

ৰঙিয়া, 8 মাৰ্চঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কেৱল ৰাজনৈতিক নেতা তথা দল সংগঠনৰে নহয়, তৎপৰতা বাঢ়িছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰো ৷ ৰঙিয়া আৰু কমলপুৰ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰঙিয়া মহকুমা প্ৰশাসন । ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰিজাইডিং আৰু পোলিং বিষয়া সমূহক প্ৰশিক্ষণ দিয়া হৈছে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৷

নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল
নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল

উল্লেখ্য যে, দেওবাৰৰ পৰা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিক্ষক আৰু বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীক এই প্ৰশিক্ষণ দি থকা হৈছে ৷ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ বাবে প্ৰায় ৭০০ জন পোলিং আৰু প্ৰিজাইডিং বিষয়াক প্ৰশিক্ষণ দি থকা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণ দি থকা বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীক তথা প্ৰশিক্ষাৰ্থীক ইতিমধ্যে ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ।

লগতে পঢ়কঃ নাৰী দিৱস বিশেষ: নাছাত ভাৰতীয় মহিলাৰ গৌৰৱোজ্জল ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.