ETV Bharat / state

ছয়গাঁৱত কংগ্ৰেছ-অগপৰ নিৰ্বাচনী ৰণডংকা - অগপ প্ৰাৰ্থী কমলা কলিতা

ছয়গাঁও বিধানসভা সমষ্টিৰ অগপ প্ৰাৰ্থী ডাঃ কমলা কলিতাই কেইবা শতাধিক সমৰ্থকক লগত লৈ কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ আনহাতে ছয়গাঁও ৰাইজে বিপুল আদৰণি জনাই কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক ৰেকিবুদ্দিন আহমেদক ৷

election campaign in Chaygaon
ছয়গাঁৱত কংগ্ৰেছ-অগপৰ নিৰ্বাচনী ৰণডংকা
author img

By

Published : Mar 21, 2021, 5:44 PM IST

ছয়গাঁও,21 মাৰ্চ: ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব আৰম্ভ হৈছে ৷ ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিৰ অগপ প্ৰাৰ্থী ডাঃ কমলা কলিতাই বুধবাৰে কেইবা শতাধিক সমৰ্থকক লগত লৈ কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ আগেয়ে অগপৰ প্ৰাৰ্থীগৰাকীয়ে দলীয় কৰ্মী সমৰ্থকক লৈ এক ৰেলীও উলিয়াই ৷

আনহাতে কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক ৰেকিবুদ্দিন আহমেদক বুধবাৰে বিপুল আদৰণি জনায় ছয়গাঁৱৰ ৰাইজে । পূৰ্বৰ অগপ বিধায়ক কমলা কলিতাৰ অপশাসনৰ অন্ত পেলাই একেৰাহে দুবাৰকৈ বিধায়ক নিৰ্বাচিত কৰাৰ পিছত এইবেলিও পুনৰবাৰ বিধায়ক নিৰ্বাচিত কৰাৰ পণ লৈ দলীয় কৰ্মী সমৰ্থকে বিধায়কগৰাকীক বিপুল আদৰণি জনায় । দলীয় কৰ্মী সমৰ্থকে বিধায়কগৰাকীক কুকুৰমাৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি আদৰি আনি ছয়গাঁৱৰ ৰাজীৱ ভৱনত বিপুল সম্বৰ্ধনা জনায় ।

আনহাতে কংগ্ৰেছ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে এইবেলিও বিপুল ভোটত তেওঁক ৰাইজে জয়ী কৰাব বুলি মন্তব্য কৰে । আনহাতে, অগপ প্ৰাৰ্থী কমলা কলিতা তেওঁৰ ভাল প্ৰতিদ্বন্দ্বী বুলি কৈ তেওঁক প্ৰতিটো নিৰ্বাচনতেই একেদৰেই বিচাৰে বুলিও মন্তব্য কৰে । ইয়াৰ পিছতেই বিধায়কগৰাকীক দলীয় নেতা কৰ্মীয়ে এক বাইক ৰেলীৰে বনগাঁও ৰাজীৱ ভৱন আৰু গৰৈমাৰী ৰাজীৱ ভৱনলৈ আদৰি আনি সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক: বগাহাতীত পৰিণত জাঁজী জল উত্তোলন প্ৰকল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.