ETV Bharat / state

New rules for leave: ঊৰ্ধতন কৰ্তৃপক্ষৰ অনুমতি নহ’লে শিক্ষকে নাপাব ছুটী - Teachers unhappy with leave notice

কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে বিদ্যালয়ত অনুপস্থিত থাকিব নোৱাৰিব কামৰূপ গ্ৰাম্য জিলাৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী তথা প্ৰধান শিক্ষক আৰু অধ্যক্ষ (Kamrup rural education department) ৷ শিক্ষা বিভাগৰ পৰা জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা ৷ আন জিলাসমূহতো অচিৰেই কাৰ্যকৰী হ’ব এই নিয়ম ৷

New rules for leave
ঊৰ্ধতন কৰ্তৃপক্ষৰ অনুমতি নহ’লে শিক্ষকে নাপাব ছুটী
author img

By

Published : Jan 10, 2023, 8:33 PM IST

Updated : Jan 10, 2023, 10:56 PM IST

গুৱাহাটী, 10 জানুৱাৰী: কামৰূপ গ্ৰাম্য জিলাত কৰ্তৃপক্ষৰ উপযুক্ত অনুমতি অবিহনে বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব । কামৰূপ গ্ৰাম্য জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে এই সম্বন্ধে বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকলৈ প্ৰেৰণ কৰিছে পত্ৰ । কামৰূপ গ্ৰাম্য জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে সোমবাৰে জিলাখনৰ উচ্চতৰ তথা উচ্চ মাধ্যমিক বিদ্যালয় সমূহৰ অধ্যক্ষ তথা প্ৰধান শিক্ষক সকললৈ প্ৰেৰণ কৰে এক পত্ৰ ৷ য’ত কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে কৰ্তব্যত অনুপস্থিত থকা অধ্যক্ষ, প্ৰধান শিক্ষক তথা শিক্ষক সকলৰ বিৰুদ্ধে উপযুক্ত অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে (leave system of teachers) ।

পত্ৰখনত কোৱা হৈছে যে, কিছুসংখ্যক বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক তথা অন্যান্য শিক্ষকে কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে বিদ্যালয়ত অনুপস্থিত থকাটো প্ৰত্যক্ষ কৰা হৈছে । এনে শিক্ষকৰ বিৰুদ্ধে নিয়ম অনুসৰি অনুশাসন মূলক ব্যৱস্থা লোৱা হ’ব । তদুপৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি অৱিহনে বিদ্যালয় চলি থকা সময়ত কৰ্তব্যত অনুপস্থিত থকা শিক্ষকৰ বিৰুদ্ধেও অসম চাৰ্ভিচ (কণ্ডাক্ট) ৰুলচ, 1965ৰ অধীনত কঠোৰ পদক্ষেপ লোৱা হ’ব বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে (notice for leave system of teachers) ।

ইয়াৰোপৰি প্ৰাক-প্ৰৱেশিকা পৰীক্ষাৰ পিছত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থী সকলৰ পাঠদান ইত্যাদিকে ধৰি বিদ্যালয় সম্বন্ধীয় বিভিন্ন কাম-কাজ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবেও পত্ৰখনত কোৱা হৈছে । এই‌ নিৰ্দেশনা অন্য জিলাসমূহতো কাৰ্যকৰী কৰা হ’ব বুলি শিক্ষা বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে । এই নিৰ্দেশনাৰ বাবে একাংশ শিক্ষক সংগঠন ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে (Teachers unhappy with leave notice)।

ইপিনে কামৰূপ গ্ৰাম্য জিলাত গুণোৎসৱৰ প্ৰস্তুতি আৰম্ভ কৰিছে । গুণোৎসৱ-2023 সম্পৰ্কত যোৱা সোমবাৰে জিলা পৰ্যায়ৰ বহিঃ মূল্যায়নকাৰীসকলৰ এক প্ৰশিক্ষণ তথা গুণোৎসৱ-2023 ৰ লগত জড়িত বিভিন্ন কোষ তথা সমিতিৰ এক প্ৰস্তুতি মূলক বৈঠক কামৰূপ গ্ৰাম্য জিলাৰ আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ।

লগতে পঢ়ক: Trinomool Congress protest at Kalgachia: গাঁও কৰ্তন কৰাক কেন্দ্ৰ কৰি তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই আদৰণি ভাষণেৰে আৰম্ভ কৰা উক্ত কাৰ্যসূচীত বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই অহা 18 জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া গুণোৎসৱ-2023ৰ লক্ষ্য তথা দায়িত্ববাহী বিষয়া সকল বিশেষকৈ বহিঃ মূল্যায়নকাৰী সকলে পালন কৰিবলগীয়া কাম-কাজৰ বিস্তৃত বৰ্ণনাৰে বক্তব্য প্ৰদান কৰে । উল্লেখ্য যে এইবাৰৰ গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক চলিত বৰ্ষৰ মূল্যায়নেৰে মাপংক নিৰ্দ্ধাৰণ কৰা হ’ব (Gunotshav 2023 in Assam)।

এই মূল্যায়ন দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে । ইয়াৰে এটা হ’ল আন্তঃবিদ্যালয় মূল্যায়ন (Internal Evaluation) আৰু আনটো হ’ল বহিঃ মূল্যায়ন (External Evaluation)। বিদ্যালয় সমূহত আন্তঃমূল্যায়ন অনুষ্ঠিত কৰাৰ পিচৰ দিনটোত বহিঃ মূল্যায়কৰ দ্বাৰা মূল্যায়ন কৰা হ’ব । এই মূল্যায়নত ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ গুণগত মান, শৈক্ষিক স্থিতি, শিক্ষণ অথবা শিকন ব্যৱধান (Learning Gap), আন্তঃগাঁথনি ইত্যাদিকে ধৰি বিভিন্ন দিশ সামৰি লোৱা হ’ব ।

কামৰূপ গ্ৰাম্য জিলাৰ শিক্ষা বিভাগে ইতিমধ্যে সমাগত গুণোৎসৱ-2023 সফল কৰাৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি চলাই আছে । আজিৰ এই কাৰ্যসূচীত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে উপস্থিত থকা ড৹ শিৰোমণি ভূঞা, ড৹ তাৰিণী হালৈ, ড৹ লক্ষ্যধৰ শৰ্মা আৰু বিশ্বজিত কলিতাই বহিঃ মূল্যায়নকাৰী সকলে কৰিবলগীয়া কাম-কাজৰ সৱিশেষ সামৰি প্ৰেজেন্টশ্যন তথা বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, মিৰ্জাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ অধ্যক্ষা ড৹ পংকজা বৰুৱাইও বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত প্ৰণৱদত্ত গোস্বামী, সুজতা গগৈ, মুনমী কলিতা, চক্ৰ বিষয়া সকল, সহকাৰী আয়ুক্ত সকল, খণ্ড উন্নয়ন বিষয়াকে ধৰি শিক্ষা বিভাগৰ জেষ্ঠ বিষয়া তথা প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে ।

লগতে পঢ়ক: Super sucker in Guwahati: GMCয়ে ছুপাৰ ছাকাৰ মেচিনৰ প্ৰকল্প ব্যৰ্থ কৰিব বিচাৰিছিল: অশোক সিংঘাল

Last Updated : Jan 10, 2023, 10:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.