ETV Bharat / state

লক ডাউনৰ ফলত চৌৰ্য বৃত্তিত নামিল শিক্ষিত যুৱক - দীৰ্ঘদিনীয়া লকডাউন

ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত শিক্ষিত চিলনী চোৰৰ সন্ত্ৰাস ৷ লক ডাউনত কৰ্মহীনতাত ভুগি চৌৰ্য বৃত্তি বাছি পাঁচ বন্ধুৱে ৷ চোৰৰ স্বীকাৰোক্তি,দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে কৰ্মহীনতাত ভুগাৰ ফলতে তেওঁলোক চোৰ কৰিবলৈ বাধ্য হৈছে ৷

লক ডাউনৰ ফলত চৌৰ্য বৃত্তিত নামিল শিক্ষিত যুৱক

author img

By

Published : Sep 15, 2020, 8:39 PM IST

কামৰূপ, 15 চেপ্তেম্বৰ: ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত শিক্ষিত চিলনী চোৰৰ সন্ত্ৰাস ৷ দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত কৰ্মহীনতাত ভুগি চোৰ কৰাৰ পথ বাছি ল'লে পাঁচ বন্ধুৱে ৷ পথচাৰীৰ পৰা এণ্ড্ৰইড ফোন কাঢ়ি নিয়াত ৰাইজে খেদি খেদি এজনক আটক কৰাৰ পাছতে চোৰৰ স্বীকাৰোক্তি,দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে কৰ্মহীনতাত ভুগাৰ ফলতে তেওঁলোক চোৰ কৰিবলৈ বাধ্য হৈছে ৷

লক ডাউনৰ ফলত চৌৰ্য বৃত্তিত নামিল শিক্ষিত যুৱক

ৰাইজে আটক কৰা অভিযুক্ত চোৰজনক ৰঙিয়াৰ নকুলৰ নয়নজ্যোতি দাস বুলি চিনাক্ত উল্লেখ্য যে আই টি আই পাছ কৰিও ঘৰতে বহি থাকিব লগা হোৱাৰ বাবেই চৌৰ্য বৃত্তিত হাত দিয়া বুলি স্বীকাৰোক্তি দিছে ধৃত চোৰজনে ৷ ইতিমধ্যে আন চাৰি চোৰৰ সন্ধানত আৰক্ষী নামি পৰিছে ৷ অভিযুক্ত নয়নজ্যোতি দাস উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই প্ৰশিক্ষণ প্ৰাপ্ত ৷ সংবাদ মাধ্যমৰ আগত দিয়া স্বীকাৰোক্তিৰ পাছত সচেতন মহলৰ মন্তব্য নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিৱৰ্তনকামী চৰকাৰখন চূড়ান্তভাৱে বিফল হৈছে ৷

লগতে পঢ়ক: লক ডাউনে বিপদত পেলাইছে ধেমাজিৰ এহাল দম্পতিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.