ৰঙিয়া, 8 মাৰ্চ : আজি নাৰী দিৱস (International Women's Day 2022) । সময়ৰ লগত খোজ মিলাই বহু দূৰ আগুৱাই গৈছে আজিৰ নাৰী । বিপদ নেওচি সাহসেৰে বাস্তৱৰ মুখামুখি হৈছে আজিৰ নাৰী । তেনে এগৰাকী নাৰী হৈছে ৰঙিয়াৰ সবিতা দাস ।
ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এখন কেণ্টিন চলাই স্বামীহাৰা সবিতা দাসে ৷ নিষ্ঠুৰ নিয়তিয়ে আনকি এইগৰাকী মহিলাৰ কোলাৰ পৰা কাঢ়ি লৈ গৈছে তিনিজনকৈ পুত্ৰ সন্তানকো । কঠোৰ বাস্তৱৰ হাতত অসহায় সবিতাই কিন্তু সহজে হাৰ নামানিলে ।
পুনৰ মূৰ ডাঙি থিয় হোৱা সবিতা দাসে এতিয়া এখন কেণ্টিন চলাই পোহপাল দি আছে তেওঁৰ তিনিজনীয়া পৰিয়ালটো (Educated female setting example of women empowerment at Rangia) ।
সবিতাৰ সাহস হিচাপে কাষতে থিয় হৈ আছে সবিতাৰ একমাত্ৰ বোৱাৰী কবিতা দাস । কম বয়সতে বিধবাৰ সাজ পিন্ধা কবিতায়ো কঠোৰ বাস্তৱৰ ওচৰত হাৰ নামানি জীৱনৰ কঠিন যুদ্ধ অব্যাহত ৰাখিছে । প্ৰতিদিনে পুৱাই ওলাই আহি সবিতাই দোকানখন খোলে ।
আৰু কিছু সময় পিছত কবিতাই ঘৰৰ কাম শেষ কৰি আহি দোকানত শাহুক কামত সহায় কৰি দিয়ে । এনেদৰে দুয়ো শাহু বোৱাৰীয়ে লগ লাগি চলাই নিছে জীৱনটো । বেলেগৰ সহায়লৈ ৰখি নাথাকি নিজে হাতে কামে লাগি এতিয়া সবিতাই নিজৰ ঘৰখন ধৰি ৰাখিবলৈ সক্ষম হৈছে ।
দুয়োগৰাকী নাৰীৰে এতিয়া এটাই লক্ষ্য, সবিতাৰ নাতি আৰু কবিতাৰ একমাত্ৰ পুত্ৰক উপযুক্ত মানুহ হিচাপে গঢ়ি তোলা । নাৰী দিৱসৰ এই পবিত্ৰ দিনটোত জীৱন যুদ্ধা সবিতা আৰু কবিতালৈ ইটিভি ভাৰত, অসমৰ তৰফৰ পৰা যাচিলো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভকামনা (Happy Women's Day) ৷
লগতে পঢ়ক : নাৰী দিৱস বিশেষ : পদপথত কঠোৰ জীৱন সংগ্ৰামতত ব্ৰতী শিক্ষিত যুৱতী, মহিলা