ETV Bharat / state

কাৰ্ফিউৰ মাজতে ৰঙিয়াত চোৰৰ উপদ্ৰৱ

author img

By

Published : May 22, 2021, 5:39 PM IST

নিশাৰ এন্ধাৰৰ সুযোগ লৈ ৰঙিয়াৰ বৰদল মধ্য ইংৰাজী বিদ্যালয়ত চোৰে চিলিং ভাঙি আৰু ২ নং দক্ষিণ বৰদল প্ৰাথমিক বিদ্যালয়ত তলা ভাঙি লৈ যায় সা-সামগ্ৰী ।

rangia
কাৰ্ফিউৰ মাজতে ৰঙিয়াত চোৰৰ উপদ্ৰৱ

ৰঙিয়া, ২২ মে': ৰাজ্যজুৰি মহমাৰী কৰ'ণাৰ বাবে কাৰ্ফিউ অব্যাহত থকাৰ মাজতে ৰঙিয়াত চোৰৰ উপদ্ৰৱ । এইবাৰ চোৰৰ চকু পৰিল চৰকাৰী বিদ্যালয়সমূহত ।‌‌ বিদ্যালয়ে বিদ্যালয়ে চোৰৰ চাফাই অভিযান । নিশাৰ এন্ধাৰৰ সুযোগ লৈ বৰদল মধ্য ইংৰাজী বিদ্যালয়ত চোৰে চিলিং ভাঙি আৰু ২ নং দক্ষিণ বৰদল প্ৰাথমিক বিদ্যালয়ত তলা ভাঙি প্ৰৱেশ কৰে বিদ্যালয় দুখনৰ ভিতৰত।

কাৰ্ফিউৰ মাজতে ৰঙিয়াত চোৰৰ উপদ্ৰৱ

দুয়োখন বিদ্যালয়ত পৃথকে পৃথকে চোৰে মূল্যৱান সামগ্ৰীসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰে । বিদ্যালয়ত ব্যৱহাৰ কৰা দুটা পানীৰ মটৰ আৰু এটা গেছ চিলিণ্ডাৰ চুৰি কৰি নিয়ে । নিশাৰ ভাগতে দুখনকৈ বিদ্যালয়ত চোৰে এনেদৰে নিৰ্বিঘ্নে চুৰি কাৰ্য সংঘটিত কৰাত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বেও সমীপৰে ৰঙিয়াৰ মধুকুছিৰ কছাৰী মহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰি কাৰ্য সংঘটিত হৈছিল । তাৰ পিছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে । দুয়োখন বিদ্যালয় কতৃপক্ষই ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: আন্তঃজিলা যাতায়াতক কেন্দ্ৰ কৰি তৎপৰ ৰঙিয়া প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.