ETV Bharat / state

ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । এইবাৰৰ স্থান ৰঙিয়াৰ বালাগাঁও । ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ব কৰিলে ড্ৰাগছ ব্যৱসায়ীক ।

Drugs peddler arrested at Rangia
ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত
author img

By

Published : Aug 20, 2021, 1:29 PM IST

ৰঙিয়া, ২০ আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ৰ নিৰ্দেশমৰ্মে আৰক্ষীয়ে ড্ৰাগছ(Drugs)ৰ ক'লা বেহা বন্ধ কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে । ৰঙিয়াতো আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে । ৰঙিয়াৰ বালাগাঁৱত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে এটা ড্ৰাগছ ব্যৱসায়ীক ।

ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক হাতে-লোটে গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ীজন হৈছে ৰঙিয়াৰ উদিয়ানাৰ আইনুল আলী । ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বালাগাঁৱত অভিযান চলায় । ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ১২টা কন্টেইনাৰ জব্দ কৰে ।

ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত

লগতে ড্ৰাগছ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা AS 01 EJ 6893 নম্বৰৰ এখন স্কুটীও আৰক্ষীয়ে জব্দ কৰে । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মুল্য প্ৰায় ১২ হাজাৰ টকা । বৰ্তমান ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে (Rangiya Police) ।

উল্লেখ্য যে, বিগত দিনবোৰত ৰাজ্যৰ বিভিন্ন জিলাত লাখ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে, এই বেহাৰে জড়িত বহু লোক ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে । কিন্তু ইয়াৰ পাছতো এই মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় কৰিবলৈ এৰা নাই একাংশই ।

কেইটামান টকাৰ লালসাত ড্ৰাগছৰ ক'লা বেহা অব্যাহত ৰাখিছে অসাধু চক্ৰই । ড্ৰাগছ সহজলভ্য কৰি নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে । আনহাতে, প্ৰশাসনেও ড্ৰাগছৰ বেহা বন্ধ কৰাৰ বাবে বদ্ধপৰিকৰ হৈছে আৰু অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:টীয়কত শীৰ্ঘ্ৰে নিৰ্মাণ হ’ব পূৰ্ণাংগ ষ্টেডিয়াম: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.