ETV Bharat / state

ছয়গাঁৱৰ জোৰশিমলুত ড্ৰাগছসহ এজন লোক আটক

author img

By

Published : Sep 5, 2021, 4:43 PM IST

কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত ড্ৰাগছৰ সৰবৰাহ বৃদ্ধি পাইছে । আৰক্ষীয়ে পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অঞ্চলটোত অভিযান চলাই । নিষিদ্ধ ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ছয়গাঁও আৰক্ষী ।

Drugs peddler
ছয়গাঁৱৰ জোৰশিমলুত ড্ৰাগছসহ এজন লোক আটক

ছয়গাঁও, ৫ ছেপ্টেম্বৰ : ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে (Assam Police) ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে অভিযান অব্যাহত ৰাখিছে । এই অভিযানবোৰত আৰক্ষীয়ে ড্ৰাগছ,গাঞ্জা আদি নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । তাৰ মাজতো একাংশই চলাই গৈছে ড্ৰাগছৰ বেহা ৷ শেহতীয়াকৈ কামৰূপ জিলাত আৰক্ষীৰ চকুত ধুলি দি একাংশ লোকে এনে নিষিদ্ধ সামগ্ৰীৰ বেহা অব্যাহত ৰাখিছে ।

Drugs
ছয়গাঁৱৰ জোৰশিমলুত ড্ৰাগছসহ এজন লোক আটক

যাৰ বাবে কামৰূপ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত তীব্ৰ অভিযান আৰম্ভ কৰিছে । শনিবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে থানাৰ অন্তৰ্গত অঞ্চলটোত ড্ৰাগছ বিৰোধী অভিযান চলোৱা দেখা গ'ল । অভিযানৰ সময়ত গৰৈমাৰীৰ জোৰশিমলুৰ পৰা ড্ৰাগছসহ এজন লোকক আটক কৰে আৰক্ষীয়ে । জানিব পৰা মতে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত নিশা চলোৱা এই অভিযানত জোৰশিমলু গাঁৱৰ আতোৱাৰ ৰহমানক নিজ ঘৰৰ পৰা আটক কৰা হয় ।

লগতে তেওঁৰ ঘৰৰ পৰা ড্ৰাগছ ভৰ্তি ৮ টা কণ্টেইনাৰো জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে লোকজনে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত ড্ৰাগছৰ অবৈধ বেহা চলাই আছিল ৷ শনিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত ছয়গাঁও আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত পুৱতি নিশা ড্ৰাগছ ব্যৱসায়ীজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:খটখটীত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.