গুৱাহাটী, 15 অক্টোবৰঃ সোমবাৰে নিশা মহানগৰীৰ গাড়ীগাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ ড্ৰাগছ বেচা কিনা কৰি থাকোঁতেই ৰাইজে খেদি খেদি কৰায়ত্ব কৰে দুজনকৈ যুৱকক৷ যুৱক দুজনৰ পৰা উদ্ধাৰ হয় বৃহৎপৰিমানৰ নিচাজাতীয় দ্ৰব্য৷ ধৃত যৱক দুজনৰ নাম মকিব আলী আৰু মাইকেল৷ দুয়োজন যুৱককে স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে৷ আনহাতে, ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় কেইবাগৰাকীও ড্ৰাগছ ব্যৱসায়ী৷ জনৈক মফিজুল, মুগলি, পানি, ৰিজু, ৰজেন নামৰ যুৱককেইজনেও নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ ধৃত দুই যুৱকৰ৷
উল্লেখ্য যে, কিছু মাহ পূৰ্বে ড্ৰাগছ বিক্ৰী কৰি অপৰাধ অনুসন্ধান শাখাৰ জালত পৰিছিল মফিজুল নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো। কিন্তু ৰঙাঘৰৰ পৰা ওলায়ে পুনৰ মফিজুলে আৰম্ভ কৰিছে মাৰাত্মক ড্ৰাগছৰ কলা বেহা ৷ লগতে একাংশ ফাৰ্মাচীতো সহজলভ্য হৈ পৰিছে নিচাযুক্ত টেবলেট আৰু কফচিৰাপ৷ কিন্তু এইসমূহ দেখিও সম্পূৰ্ণ ভূমিকা পালন কৰিছে আৰক্ষী প্ৰশাসনে৷ সেয়েহে এইসমূহ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ দাবী স্থানীয় ৰাইজৰ৷