বাইহাটা,6 জানুৱাৰী : বাইহাটাত বিশুদ্ধ খোৱাপানীক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ এটুপি খোৱাপানীৰ বাবে যেন হাহাকাৰ কৰিবলগীয়া হৈছে বাইহাটাবাসী ৷ বাইহাটা, কমলপুৰ, লেজা, বৰুৱাজনি, আলটাকে ধৰি দহটাৰো অধিক আঁচনি এতিয়া বিকল হৈ আছে । এটা দশক পূৰ্বে কেইবা কোটি টকা ব্যয়ৰে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে এই আঁচনিসমূহ নিৰ্মাণ কৰিছিল যদিও আজিলৈও নোলাল এটুপি খোৱাপানী ।
এফালৰ পৰা জহি খহি গৈছে বিভাগটোৰ আঁচনিসমূহ । যাৰ ফলস্বৰূপে বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে সাধাৰণ ৰাইজ । ইফালে আয়ৰণ আৰু আৰ্চেনিকযুক্ত পানী সেৱন কৰাৰ ফলত অধিকাংশ লোক ৰুগীয়া হৈ পৰিছে ৷ সেয়েহে এটোপাল বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ পৰিৱৰ্তনকামী চৰকাৰক কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজে ৷
লগতে পঢ়ক : মানকাচৰত কংগ্ৰেছ-এআইইউডিএফত খহনীয়া অব্যাহত