বকো ,24 অক্টোবৰঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা ৷ বিগত 20 অক্টোবৰত কামৰূপৰ বকো মন্দিয়াত এগৰাকী যুৱতীৰ ওপৰত ধৰ্ষণৰ চেষ্টা চলাই চাৰিজন যুৱকে ৷ ধৰ্মীয় মেলা চাই ঘৰলৈ উভতি থকাৰ পথতেই নৱম মানৰ এগৰাকী ছাত্ৰীক মুখত ক'লা কাপোৰ পৰিধান কৰা চাৰি যুৱকে ধৰ্ষণৰ চেষ্টা চলায় ৷ যুৱক কেইজনৰ আক্ৰমণত চিঞৰ-বাখৰ কৰে যুৱতীগৰাকীয়ে ৷ যুৱতীগৰাকীৰ চিঞৰত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ উদ্ধাৰ কৰে যুৱতীগৰাকীক ৷ আৰু তাৰ পাচতেই আৰম্ভ হয় দেৱানী মাতব্বৰ বিচাৰ প্ৰক্ৰিয়া ৷ আৰক্ষী-ন্যয়ালয়ৰ পৰিৱৰ্তে দেৱানীয়ে নিজেই আৰম্ভ কৰে সমগ্ৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ৷ বিচাৰ অন্তত চাৰি যুৱকৰ পৰা 50 হাজাৰ টকাৰ জৰিমনা আদায় কৰাৰ সমান্তৰালকৈ ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃৰ পৰা আদায় কৰে নগদ 40 হাজাৰ টকা ৷ ইপিনে, ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ন্যায়ৰ আশাৰে মন্দিৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷
ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ২৩ অক্টোবৰৰ নিশা বকো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত এটা অভিযান চলাই আটক কৰে দুই দেৱানী ক্ৰমে আব্দুল মালেক আৰু আক্ৰাম হুছেইনক ৷ কিন্তু এতিয়াও পলাতক অৱস্থাত ধৰ্ষণৰ কাণ্ডৰ লগত জড়িত চাৰি মূল অভিযুক্ত ৷ আৰক্ষীৰ ভাষ্য সমগ্ৰ ঘটনাক গাপ দি ৰখাৰ চেষ্টা চলাই দেৱানী মাতব্বৰে ৷