ETV Bharat / state

নিযুক্তিৰ পৰা বঞ্চিত ৰাভা হাছঙৰ 550 গৰাকী শিক্ষক

author img

By

Published : Feb 8, 2021, 9:10 PM IST

বকোত নিযুক্তিৰ পৰা বঞ্চিত 550 গৰাকী শিক্ষক ৷ ৰাজ্য চৰকাৰৰ শিক্ষক নিযুক্ত প্ৰক্ৰিয়াত তালিকাৰ পৰা বাদ পৰিল এইসকল শিক্ষক ৷ সেয়েহে সংবাদমেলযোগে বঞ্চিত শিক্ষকসকলক পুনৰ নিযুক্তিৰ দাবী হাছং এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ ৷

teachers union pressmeet
শিক্ষক সন্থাৰ সংবাদমেল

বকো,8 ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰৰ শিক্ষক নিযুক্ত প্ৰক্ৰিয়াত এইবাৰো ৰাভা হাছং এলেকাৰ পৰা বঞ্চিত হ'ল 550 গৰাকী শিক্ষক । একাংশ মহাবিদ্যালয়কে ধৰি 121 খন বিদ্যালয়ৰ এইসকল শিক্ষকে নাপালে চৰকাৰী নিযুক্তি ৷ দেওবাৰে বিয়লিৰ ভাগত বকোত এক সংবাদমেল সম্বোধন কৰি বঞ্চিত শিক্ষকসকলক পুনৰ নিযুক্তিৰ দাবী জনায় হাছং এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাই । সন্থাৰ সভাপতি ৰঞ্জন ৰাভা আৰু সম্পাদক শান্তৰাম ৰাভাই দ্বিতীয় পৰ্যায়ৰ তালিকাৰ পৰা বঞ্চিতসকল শিক্ষকসকলক মকৰল কৰিবলৈ দাবী উত্থাপন কৰে ।

teachers union pressmeet
শিক্ষক সন্থাৰ সংবাদমেল

উল্লেখ্য যে দুখনকৈ কলেজ, দুখন জুনিয়ৰ কলেজ, দুখন হায়াৰ ছেকেণ্ডাৰী স্কুল, 18 খন হাইস্কুল, 17 খন আপাৰ প্ৰাইমেৰী স্কুল আৰু 80 খন ল’ৱাৰ প্ৰাইমেৰী স্কুলকে ধৰি মুঠ 121 খন বিদ্যালয়ৰ 550 গৰাকী শিক্ষকক পুনৰ বঞ্চিত কৰে ৰাজ্যৰ শিক্ষা বিভাগে । সদ্য ঘোষিত তালিকাত নাম নাই 30-35 বছৰ ধৰি শিক্ষাদান কৰা এইসকল শিক্ষকৰ ৷

লগতে পঢ়ক : উত্তৰাখণ্ডত সন্ধানহীন কামপুৰৰ ২ জন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.