ৰঙিয়া, 13 জুনঃ ৰঙিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত নিৰ্মাণকাৰ্য চলি এটা অট্টালিকাৰ পৰা উদ্ধাৰ হয় কানু দে নামৰ এজন লোকৰ মৃতদেহ ৷ অট্টালিকাটোৰ ভিতৰত ডিঙিত গামোচাৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় কানু দে'ৰ মৃতদেহ ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, কানু দে'ক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে ৷ উল্লেখ্য যে, ৰঙিয়া ৭ নং ৱাৰ্ডৰ নিবাসী কানু দে'ৰ মৃতদেহ নিজ বাসগৃহৰ পৰা প্ৰায় 2 কিল'মিটাৰ দূৰৈৰ এটা অট্টালিকাৰ পৰা উদ্ধাৰ কৰা ঘটনাই বহু প্ৰশ্নৰ সৃষ্টি কৰিছে ৷ সেয়ে, উক্ত ঘটনাক লৈ আৰক্ষীক সঠিকভাৱে তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়কঃ COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য