ETV Bharat / state

গুৱাহাটীত ক’ভিড সংক্ৰমণ হ্ৰাস নোহোৱাত চিন্তিত পল্লৱ গোপাল ঝা

author img

By

Published : Nov 22, 2021, 9:39 PM IST

ক’ভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ বাবে পুণৰ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । জিলাখনৰ আন আন স্থানৰ লগতে বস্তি এলেকা তথা স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে জিলা উপায়ুক্ত গৰাকীয়ে ।

dc kamprup metro pallav ghopal jha on covid situation of guwahati
http://10.10.50.80//assam/22-November-2021/as-ghy-04-kamrupmetrodistadministrationmeetingoncovid-photo-7210645_22112021200614_2211f_1637591774_1071.jpg

গুৱাহাটী, 22 নবেম্বৰ : মহানগৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মহানগৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কামৰূপ মহানগৰ জিলাত ক’ভিড সংক্ৰমণ বৃদ্ধি হৈ থকা স্পৰ্শকাতৰ এলেকা সমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে ।

মহানগৰ জিলাৰ ৰাজধানী মণ্ডল (capital zone) আৰু পূৱ মণ্ডলত (East zone) বিশেষকৈ এতিয়াও ক’ভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ বাবে পুণৰ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । সোমবাৰে বিয়লি ৪:০০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ বিষয় ববীয়া সকলৰ স’তে অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা বৈঠকত জিলাখনৰ আন আন স্থানৰ লগতে বস্তি এলেকা তথা স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ।

দৈনিক অতি কমেও ১০,০০০ লোকক ক’ভিড পৰীক্ষা কৰিবলৈয়ো বৈঠকত নিৰ্দেশ দিয়ে ।

জিলাখনৰ ক’ভিড সংক্ৰমণ নাশ কৰাৰ বাবে ক’ভিড পৰীক্ষা আৰু টীকাকৰণেই একমাত্ৰ উপায় বুলি তেওঁ উল্লেখ কৰে । তদুপৰি অতি শীঘ্ৰে জিলাখনৰ সকলো লোকৰে ক’ভিড টীকাকৰণ সম্পূৰ্ণ কৰিবলৈয়ো স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । আজি অনুষ্ঠিত হোৱা বৈঠক খনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) ধ্ৰুৱজ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়া তথা স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক : ফান্দত পৰিল মাছৰ গাড়ীৰ পৰা ধন দাবী কৰা জিলা আছুৰ শিক্ষা সম্পাদক সহ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.