ছয়গাঁও, 29 এপ্ৰিলঃ লক্ ডাউনৰ বাবে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষকসকল । কৃষকৰ কপালৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ফচল এতিয়া গেলিবলৈ ধৰিছে পথাৰতে । দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ১ নং জিয়াকুৰ গাঁৱৰ প্ৰায় ১৫০ জন কৃষকৰ পাচলি বিক্ৰীৰ অভাৱত নষ্ট হৈ যোৱাত, হাহাকাৰৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত । প্ৰাপ্ত তথ্য অনুসৰি তেওঁলোকে, ব্ৰহ্মপুত্ৰৰ চাপৰিৰ জাৰাবাৰী পথাৰত এহেজাৰৰো অধিক মাটিত লাউ, বেঙেনা, গাজৰ, বিলাহী, জলকীয়া আদিৰ খেতি কৰিছিল যদিও, পাচলিবোৰ বিক্ৰী কৰিব নোৱাৰাত এতিয়া লোকচানৰ সন্মুখীন হৈছে কৃষক সকল ।
বৰ্তমান খেতিৰ বাবে লোৱা ঋণ কেনেকৈ পৰিশোধ কৰিব তাৰ চিন্তাত উজাগৰি নিশা পাৰ কৰিছে এই কৃষকসকল । দুই এজন কৃষকে লক্ ডাউনৰ মাজতো কিছু পাচলি, বিক্ৰীৰ বাবে নিছিল যদিও আৰক্ষীৰ লাঠীচালনাৰ পিচত ওলাই যোৱা বন্ধ কৰিলে । ইয়াৰোপৰি তেওঁলোকে উল্লেখ কৰা অনুসৰি, চৰকাৰে কৃষকৰ বাবে প্ৰদান কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আৰু মুখ্যমন্ত্ৰী কৃষি সামগ্ৰী যোজনাৰ অধীনত, তেওঁলোকৰ মাজৰ এগৰাকীয়েও বৰ্তমানলৈ কোনো ধৰণৰ সাহায্য লাভ কৰা নাই । ইয়াৰ বিপৰীতে খেতি নকৰা বহুলোকে এই আঁচনিৰ ধন লাভ কৰা বুলিও উল্লেখ কৰে তেওঁলোকে ।
লগতে পঢ়কঃ দূৰ্নীতি ! কৃষকৰ পৰিৱৰ্তে সাহায্যৰ ধন সোমাল চৰকাৰী কৰ্মচাৰীৰ একাউন্টত