ETV Bharat / state

তুলসীবাৰীত ৰাজহুৱা শ্মশানৰ আন্তঃগাঠনি উন্নয়নৰ নামত অনিয়মৰ অভিযোগ

author img

By

Published : Oct 22, 2021, 12:03 PM IST

ৰঙিয়াৰ তুলসীবাৰীত অসম চৰকাৰৰ চতুদৰ্শ বিত্তীয় আয়োগৰ আঁচনিৰ কামত দুৰ্নীতি ৷ অভিযোগৰ আঙুলি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ কিয়নো নিৰ্মাণ সম্পূৰ্ণ নৌ হওতেই তুলসীবাৰী ৰাজহুৱা শ্মশানৰ দেৱালত মেলিছে বৃহৎ ফাঁট ৷

crupption at tulshibari Public crematorium
তুলসীবাৰী ৰাজহুৱা শ্মশানত দুৰ্নীতি

ৰঙিয়া, 22 অক্টোবৰ : ৰাজ্যত এতিয়া সততে উত্থাপন হোৱা বিষয়টো হৈছে দুৰ্নীতি ৷ ৰাজ্যৰ বিভিন্ন খণ্ডত সঘনে দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ অভিযোগৰ অঙুলি উঠিছে হৈছে ৰঙিয়াৰ তুলসীবাৰীত ৰাজহুৱা শ্মশানৰ উন্নয়ত হোৱা অনিয়মত ৷

অভিযোগ অনুসৰি, ৰঙিয়াৰ তুলসীবাৰীত ৰাজহুৱা শ্মশানৰ আন্তঃগাঠনি উন্নয়নৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, চতুদৰ্শ বিত্তীয় আয়োগৰ আঁচনিৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি । অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে শ্মশানৰ পকী দেৱাল আৰু জিৰণি ঘৰ ।

তুলসীবাৰী ৰাজহুৱা শ্মশানত দুৰ্নীতি

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ৯ লাখ টকা আৱন্টন দিয়া হৈছিল ৰাজহুৱা শ্মশানখনৰ উন্নয়নৰ নামত ।

লগতে পঢ়ক : মহানগৰীৰ পশ্চিম বৰাগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

কিন্তু পৰিতাপৰ বিষয় যে, সুদীৰ্ঘ ডেৰ বছৰেও শ্মশানখনৰ উন্নয়নৰ কাম সম্পূৰ্ণ নহ’ল । নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই শ্মশানৰ পকী দেৱালত বৃহৎ বৃহৎ ফাঁট মেলিছে । আনকি অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত শ্মশানৰ জিৰণি ঘৰটো জহি খহি গৈছে ।

ইফালে ৰাজহুৱা শ্মশানখনৰ উন্নয়নৰ দায়িত্ব থকা বিভাগীয় কৰ্তৃপক্ষই বিগত ডেৰ বছৰে মৃতকক সৎকাৰ কৰা গৃহ আৰু জিৰণি ঘৰটোৰ ওপৰত নিদিলে এখনো টিনপাত । যাৰ বাবে বৰষুণৰ বতৰত মৃতকক সৎকাৰ কৰিব নোৱাৰি ৰৈ থাকিব লগা হয় আত্মীয়ই । বৃহত্তৰ তুলসীবাৰীৰ ৰাজহুৱা শ্মশানৰ উন্নয়নৰ নামত ঠিকাদাৰে নীতি বহিৰ্ভূতভাৱে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ৰাইজে ।

এক প্ৰকাৰে ক’ব লাগিব যে, ৰঙিয়াত এতিয়া এনেদৰেই চলিছে অসম চৰকাৰৰ চতুদৰ্শ বিত্তীয় আয়োগৰ আঁচনিৰ কাম । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই এনে দুৰ্নীতি পৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : ঐতিহাসিক ৰংঘৰত 100 কোটি ক’ভিড ভেকচিনৰ সাফল্য উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.