ETV Bharat / state

কামৰূপ আৰক্ষীৰ এনকাউন্টাৰ: গুলিবিদ্ধ দুধৰ্ষ অপৰাধী নেকিবুৰ ৰহমান

author img

By

Published : Sep 6, 2021, 5:43 PM IST

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে এনকাউন্টাৰৰ ঘটনা ৷ শেহতীয়াকৈ অসমৰ প্ৰায় প্ৰতিখন জিলাতে সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী !

criminal-nekibur-rahman-shot-in-kamrup-police-encounter
কামৰূপ আৰক্ষীৰ এনকাউন্টাৰ: গুলিবিদ্ধ দুধৰ্ষ অপৰাধী নেকিবুৰ ৰহমান

গুৱাহাটী, 6 ছেপ্তেম্বৰ: ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ অপৰাধ বিৰোধী অভিযান ৷ আশ্চৰ্যজনক ভাৱে আৰক্ষীয়ে কৰায়ত্ত কৰা বহু অপৰাধী আৰক্ষীৰ কৱলৰ পৰা পলোৱাৰ চেষ্টা কৰাত আৰক্ষীয়ে এনকাউন্টাৰ কৰা ঘটনাও ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ৷ ইয়াৰ মাজতে শেহতীয়াকৈ দেওবাৰৰ নিশা কামৰূপ আৰক্ষীয়ে এনকাউন্টাৰ কৰিলে দুধৰ্ষ মটৰচাইকেল চোৰ নেকিবুৰ ৰহমান ওৰফে নকুলক ৷ পলাশবাৰীৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত দখলাত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল নেকিবে ৷

গুলিবিদ্ধ দুধৰ্ষ অপৰাধী নেকিবুৰ ৰহমান

নেকিবুৰৰ এনকাউন্টাৰ সন্দৰ্ভত সোমবাৰে কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে এখন সংবাদ মেল সম্বোধন কৰে আৰু সমগ্ৰ ঘটনা বিৱৰী কয় ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে, কামৰূপ আৰক্ষীৰ গুলীত গুলিবিদ্ধ নেকিবুৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰুজু আছে একাধিক গোচৰ ৷ মটৰ চাইকেল চুৰিৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি, গৰু চুৰি আৰু গাড়ী চুৰিৰ সৈতেও জড়িত আছিল নেকিবুৰ ৷

লগতে নেকিবুৰ অসম আৰক্ষীৰ ম'ষ্ট ৱান্টেড তালিকাৰ এজন আছিল বুলিও সংবাদমেলত সদৰি কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়কঃ জাগুনৰ নামফাইত লাইকাৰ প্ৰায় 150 টা পৰিয়ালৰ দুৰ্বিসহ জীৱন সংগ্ৰাম

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে, দুধনৈ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 120B/413/468/476/379/411 ধাৰাত 65/2021 নম্বৰত নেকিবৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈ আছিল ৷ কামৰূপ আৰক্ষীয়ে নেকিবুৰক আটক কৰি পলাশবাৰীৰ দখলাত নেকিবুৰক লগতলৈ অভিযান চলাই থকাৰ সময়তে আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল নেকিবে ৷ আৰক্ষীয়ে বহুবাৰ ৰবলৈ নিৰ্দেশ দিয়াৰ পাছতো তেঁও পলাবলৈ চেষ্টা কৰাত তেঁওৰ ভৰিলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলি চলাই ৷

উল্লেখ্য যে,নেকিবৰৰ পৰা কেইবাখনো চুৰি মটৰ চাইকেল সহ 9 টাকৈ চুৰি গৰু জব্দ কৰে কামৰূপ আৰক্ষীয়ে ৷ ভৰিত গুলীবিদ্ধ নেকিবুৰ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(GMCH)ত চিকিৎসাধীন বুলিও সংবাদমেলত উল্লেখ কৰে আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে ৷

লগতে পঢ়কঃ ৬৫০ কোটি টকা কাগজ কল কৰ্মচাৰীৰ প্ৰাপ্য; চৰকাৰৰ বদান্যতা নহয় : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.