ETV Bharat / state

গৰু চোৰাং ব্যৱসায়ীৰ লক্ষ্য মহানগৰীৰ একমাত্ৰ চৰ ‘‘ৰাণী চাপৰি’’ - গুৱাহাটী

ৰাণী চাপৰিৰ পৰা গৰু চোৰে চুৰ কৰিলে ৫ হালকৈ বলধ গৰু ৷ এইবাৰ গৰু চোৰাং ব্যৱসায়ীৰ লক্ষ্য হৈ পৰিছে মহানগৰীৰ একমাত্ৰ চৰ ৰাণী চাপৰি ।

গৰু চোৰাং ব্যৱসায়ীৰ লক্ষ্য মহানগৰীৰ একমাত্ৰ চৰ ‘‘ৰাণী চাপৰি’’
author img

By

Published : Jul 29, 2019, 5:20 PM IST

দক্ষিণ কামৰূপ, 29 জুলাইঃ গৰু চোৰৰ লক্ষ্য হৈ পৰিছে মহানগৰীৰ একমাত্ৰ চৰ ৰাণী চাপৰি। এই চৰখনতে দীৰ্ঘদিন ধৰি ধাৰাপুৰ,গঁড়ল, ভট্টাপাৰা,কেন্দুকুচিৰ কিছু সংখ্যক লোকে কৃষি কৰি জীৱন-নিৰ্বাহ কৰি আছে। সোমবাৰে নিশা ৰাণী চাপৰীৰ পৰা গৰু চোৰে চুৰি কৰিলে ৫ হালকৈ বলধ গৰু। যাৰ বাবে এতিয়া কান্দোনত ভাগি পৰিছে ভট্টাপাৰা অঞ্চলৰ ভুক্তভোগী কৃষক ৷

গৰু চোৰাং ব্যৱসায়ীৰ লক্ষ্য মহানগৰীৰ একমাত্ৰ চৰ ‘‘ৰাণী চাপৰি’’

চৰখনত কোনো নথকাৰ সুযোগ লৈয়ে চোৰে চুৰি কৰি লৈ যায় বলধ গৰু। ভুক্তভোগী কৃষকে শুৱালকুছি নদী আৰক্ষীক এজাহাৰ দাখিল কৰি এই চুৰি কাৰ্যৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছে ৷ তাৰোপৰি শুৱালকুছি নদী আৰক্ষীয়ে কৃষকক জানিবলৈ দিয়ে যে কেবামাহ ধৰি নদী আৰক্ষীৰ হাতত নাই নাও তথা ফেৰী । নদী আৰক্ষীৰ এই আচৰণত এতিয়া ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰণ কৃষক। সেয়েহে স্থানীয় ৰাইজ তথা কৃষকে মহানগৰ আৰক্ষী আয়ুক্তক অনুৰোধ জনাই এই গৰু চুৰি ঘটনাৰ তদন্ত কৰি গৰু চোৰাং ব্যৱসায়ীক কৰায়ত্ব কৰাৰ বাবে অহ্বান জনায় ৷

Intro:এইবাৰ গৰু চোৰাংব্যৱসায়ীৰ লক্ষ্য মহানগৰীৰ এক মাত্ৰ চৰ ৰাণী চাপৰিত । কেমেৰা সন্মুখত হুকহুকাই কান্দিলে কৃষকে ।Body:Vo... মহানগৰীৰ এক মাত্ৰ এইখন চৰ ৰাণী চাপৰি । এই চৰ খনত ধাৰাপুৰ , গঁড়ল, ভট্টাপাৰা , কেন্দুকুচিৰ কিছু সংখ্যক লোকে কৃষি কৰি জীৱন নিৰ্বাহ কৰি আছে । গৰু চোৰৰ লক্ষ্য হৈ পৰিছে এইবাৰ ৰাণী চাপৰি । যোৱা নিশা ৰাণী চাপৰীৰ পৰা গৰু চোৰে চুৰি কৰিলে ৫ হালকৈ বলধ গৰু । যাৰ বাবে কান্দোনত ভাগি পৰিছে ভট্টাপাৰা অঞ্চলৰ এই ভুক্তভোগী কৃষক তথা পৰিয়ালে । কিয়নো খেতিক ভৰসা কৰি পেটে ভাতে খোৱা কৃষকৰ নাই গৰু কিনিবলৈ সামৰ্থ । ৰাণী চাপৰিত দিনৰ দিনটো খেতিৰ কাম কৰি হাল বোৱা বলধ গৰু বোৰক চাপৰিৰ বাঁহৰত বান্ধি থৈ নিজ বাসগৃহলৈ উভতি আহে কৃষক সকলে । তাৰ মাজতে চৰ খনত কোনো নথকাৰ সুযোগ লৈ গৰু চোৰে চুৰি কৰি লৈ যায় বলধ গৰু । কুম্ভকৰ্ণৰ নিদ্ৰাত নদী আৰক্ষী । ভুক্তভোগী কৃষকে শুৱালকুচি নদী আৰক্ষীক এজাহাৰ দাখিল কৰি এই চুৰি কাৰ্যৰ তদন্ত কৰিবলৈ অনুৰোধ জনাই যদিও নদী আৰক্ষীৰ পৰা কোনো সঁহাৰি নাপালে তাৰোপৰি শুৱালকুচি নদী আৰক্ষীয়ে কৃষকক কলে দুমাহ ধৰি নাই নদী আৰক্ষীৰ নাও বা ফেৰী ।

Bite..
Conclusion:নদী আৰক্ষীৰ এই আচৰণত লক্ষোভিত হৈ পৰিছে এই সকল কৃষক । নদী আৰক্ষীয়ে পেট্ৰলিং নকৰিলে ৰাণী চাপৰিত আকৌ চুৰি হব গৰু । সেয়েহে স্থানীয় ৰাইজ তথা কৃষকে মহানগৰ আৰক্ষী আয়ুক্তক তথা চৰকাৰক অনুৰোধ জনাই এই গৰু চুৰি ঘটনাৰ তদন্ত কৰি গৰু চোৰাং ব্যৱসায়িক কৰায়ত্ব কৰাৰ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.