ৰঙিয়া,15 মে': কভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰিছে নতুন নিয়ম ৷ কিন্তু প্ৰশাসনে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ পাছতো ৰঙিয়াত দেখা গৈছে ইয়াৰ ওলোটা ছবি । ৰঙিয়াত ব্যাপক ভাৱে উলংঘা কৰা হৈছে ক'ভিড প্ৰটকল ৷ দিনৰ ভাগত নগৰখনৰ প্ৰায়ভাগ পথতেই তীব্ৰ যান-জটৰ সৃষ্টি হৈছে ৷ আনহাতে বহুলোকে দুচুকীয়া বাহনত দুজনকৈ উঠি ঘুৰি ফুৰাও পৰিলক্ষিত হৈছে ৷ ইয়াৰে একাংশই আকৌ পৰিধান কৰা নাই মাস্ক ৷ যেন ৰাজ্য চৰকাৰে জাৰি ক'ভিড নিৰ্দেশনাৰ কোনো গুৰুত্ব নাই এই সকল ভদ্ৰলোকৰ বাবে ৷
আনহাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানতো নাই কোনো সামাজিক দুৰত্ব ৷ প্ৰায়ভাগ ব্যৱসায়িক প্ৰতিষ্ঠানতে গাতে গা লগাই সা-সামগ্ৰী কিনিবলৈ হেতা-ওপৰা লগাইছে একাংশ দায়িত্বহীন লোকে ৷ ৰঙিয়াত আৰক্ষী প্ৰশাসনে ঠায়ে ঠায়ে জৰিমনা লৈছে যদিও সেইয়াও আজিৰ তাৰিখত ফলপ্ৰসূ হোৱা পৰিলক্ষিত হোৱা নাই ৷ যি সময়ত দিনে দিনে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বাঢ়ি গৈ আছে, তেনে সময়তে এচাম দায়িত্ব জ্ঞান নথকা লোকে সমাজৰ বাবে নিশ্চিত বিপদ চপাই অনাত শংকিত হৈছে সচেতন ৰাইজ ৷
লগতে পঢ়কঃ ডিফুত দিন-দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যা