ETV Bharat / state

Corruption in Rangia: 12 বছৰেও সম্পূৰ্ণ নহ’ল 800 বৰ্গফুটৰ এটা শ্ৰেণীকোঠা

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:12 PM IST

12 বছৰে সম্পূৰ্ণ নহ’ল এখন বিদ্যালয়ৰ শ্ৰেণীকোঠা ৷ 800 বৰ্গ ফুটৰ এটা শ্ৰেণী কোঠাৰ নিৰ্মাণ কেতিয়া সম্পূৰ্ণ হ’ব সেয়া অনিশ্চয়তাত ৷ ৰঙিয়াৰ বড়িগোগ আঞ্চলিক হাইস্কুল বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত হৈছে এই বেমেজালি ৷

Corruption in Rangia
12 বছৰেও সম্পূৰ্ণ নহ’ল 800 বৰ্গ ফুটৰ এটা শ্ৰেণীকোঠা

ৰঙিয়া, 30 অক্টোবৰ : অসমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত হৈছে বুলি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সততে দম্ভালি মাৰি আহিছে ৷ কিন্তু এইখন অসমতে বছৰ বছৰ ধৰি এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ নিৰ্মাণ নহ’ল সম্পূৰ্ণ ৷ এখন বিদ্যালয়ৰ 800 বৰ্গ ফুটৰ এটা শ্ৰেণী কোঠাৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ কিমান সময় লাগিব এতিয়াই কোৱাটো অসম্ভৱ হৈ পৰিছে ৷ কাৰণ বিদ্যালয়খনৰ কৰ্তৃপক্ষয়ো নাজানে ঠিকাদাৰে কিয় বন্ধ কৰিলে নিৰ্মাণ কাৰ্য ৷

ৰঙিয়াৰ বড়িগোগ আঞ্চলিক হাইস্কুল বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত হৈছে এই বেমেজালি । বিদ‍্যালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, 12 বছৰ পূৰ্বে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ‍্যাম কলিতাৰ কাৰ্যকালৰ সময়ত বিধায়ক পুঁজিৰ পৰা বিদ্যালয়খনৰ শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে 5 লাখ 65 হাজাৰ টকা ধন মুকলি কৰি দিছিল ।

সেই ধনেৰে শ্ৰেণীকোঠা নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও অজ্ঞাত কাৰণত ঠিকাদাৰে কামটো বন্ধ কৰি দিয়ে । নিৰ্মাণ কাম বন্ধ হোৱা কিছু বছৰৰ পিচত যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিল তেতিয়া শ্ৰেণী কোঠাটো নিৰ্মাণৰ বাবে পুনৰ আন এজন ঠিকাদাৰে দায়িত্ব লয় ৷ কিন্তু সেইবাৰো নিৰ্মাণ আধৰুৱা হৈ ৰয় । শ্ৰেণী কোঠাটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বৰ্তমান 12 বছৰ পাৰ হৈ গ'ল । দুখনকৈ চৰকাৰ সলনি হৈ তৃতীয়খন চৰকাৰৰ কাৰ্যকাল চলি আছে ৷ দুজনকৈ ঠিকাদাৰ সলনি হ'ল । তথাপিও 800 বৰ্গফুটৰ শ্ৰেণীকোঠাটোৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল ।

এইক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক লিখিতভাৱে অভিযোগ দাখিল কৰিছিল যদিও বৰ্তমানলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে কোঠাটো নিৰ্মাণ কৰা মিস্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ঠিকাদাৰে বৰ্তমানলৈকে তেওঁৰ বকেয়া ধনৰ লগতে নিৰ্মাণ কাৰ্যত প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰা দোকানতো সামগ্ৰীৰ মূল্য পৰিশোধ কৰা নাই ।

এতিয়া প্ৰশ্ন হয় কাৰ হেমাহিৰ বাবে 12 বছৰ পাচতো শ্ৰেণীকোঠাটোৰ নিৰ্মাণ আধৰুৱা হৈ ৰ'ল ? কংগ্ৰেছৰ শাসন শেষ হৈ বিজেপিৰ শাসন কালৰ দ্বিতীয়খন চৰকাৰৰ কাৰ্যকাল চলি থকাৰ পিচতো ৰঙা ফিটাৰ মেৰপেচত ৰৈ গ'ল নেকি কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ? নে শ্ৰেণীকোঠাৰ নিৰ্মাণৰ নামত সংঘটিত হ'ল আন এটা কেলেংকাৰী ?

লগতে পঢ়ক:Hit and Run case : সুৰামত্ত চালকৰ খুন্দাত মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.