ৰঙিয়া,11 এপ্ৰিলঃ ৰঙিয়াৰ বৰদলত চৰকাৰী সাহায্য বিতৰণক কেন্দ্ৰ কৰি অনিয়মৰ অভিযোগ উত্থাপন ৷ লক ডাউনৰ ফলত বহু দৰিদ্ৰ পৰিয়ালৰ বহু পৰিয়ালৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । এনে দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে ঘোষণা কৰা সাহায্য যোগানৰ ক্ষেত্ৰত ৰঙিয়াৰ বৰদল গাঁও পঞ্চায়তত ব্যাপক লুণ্ঠনৰাজ চলাৰ অভিযোগ উত্থাপিত হৈছে ।
উল্লেখ্য যে, এই সময়ছোৱাত ৰেচন কাৰ্ড নথকা হিতাধিকাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 1000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে । কিন্তু এই ধনৰাশি বিতৰণৰ ক্ষেত্ৰত বেমেজালি সৃষ্টি কৰিছে বৰদল গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷ সভানেত্ৰী গৰাকীয়ে সাহায্যৰ ধনৰ পৰা অধিকাংশ হজম কৰাৰ বিপৰীতে একাংশ দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰিছে সাহায্য লাভৰ পৰা ৷ সভানেত্ৰী গৰাকীৰ পৰিচিত এচাম ধনী লোকে এই ধন লাভ কৰাৰ কথা জানিব পৰা গৈছে ৷
লগতে চাওকঃ কৰ'ণা আতংকঃ ১৪ দিনৰ বাবে বন্ধ আঠগাঁও কবৰস্থান মছজিদ