ৰঙিয়া, ২৩ ছেপ্টেম্বৰ : বৰ্তমান ৰাজ্যত মাটিৰ দালাল চক্ৰক উৎখাত কৰাৰ অভিযান চলাইছে প্ৰশাসনে । জিলাই জিলাই প্ৰশাসনক তৎপৰ হোৱা দেখি মাটিৰ দালালৰ পৰা হাৰাশাস্তি ভুগি অহা বহু লোকে এতিয়া মুখ খুলিছে । এনে সময়তে মাটিৰ নামজাৰিৰ বাবে অসুবিধাত পৰা ৰঙিয়া এক দম্পতীয়ে ন্যায় বিচাৰি আগবাঢ়ি আহিছে । ৰঙিয়া নগৰৰ ১ নং ৱাৰ্ডৰ কৰিয়াৰাৰ ৰুণু বেগম আৰু তেওঁৰ স্বামী হান্নান আলীয়ে জনোৱা মতে, ৰঙিয়া নগৰৰ ১ নং ৱাৰ্ডৰ গুৰকুছি গাঁৱৰ ১ নং পট্টাৰ ২৩৫ নং দাগৰ ১ কঠা, ১৪ লেচা মাটি নামজাৰিৰ বাবে আবেদন কৰিছিল ৰুণু বেগমে ।
কিন্তু নামজাৰিৰ নামত খোদ ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া লিনা পাৱে আৰু কেৰাণী ৰাজীৱ ডেকাই ৩০ হাজাৰকৈ টকা দাবী কৰিছে বুলি তেওঁ অভিযোগ তুলিছে । দৰিদ্ৰ পৰিয়ালটোৱে ইমান টকা দিব নোৱাৰিব বুলি কোৱাত ৰাজহ চক্ৰ বিষয়া লিনা পাৱে আৰু কেৰাণী ৰাজীৱ ডেকাই খঙত অগ্নিশৰ্মা হৈ ধমকি দি তেওঁক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা খেদি পঠিয়াইছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।
আনহাতে, ৰুণু বেগমে জনাইছে যে, সুদীৰ্ঘ ১৫ বছৰ ধৰি সেই মাটিখিনিত ঘৰ সাজি বাস কৰি আহিছে ৰুণু বেগমে । প্ৰায় ১৫ বছৰ পূৰ্বে নিজৰ ৯ গৰাকী ভাতৃয়ে সেই মাটিখিনি ৰাণু বেগমক বিক্ৰী কৰিছিল । ইয়াৰ পিছতো পুনৰ আন দুগৰাকী লোকক একেখিনি মাটি বিক্রী কৰা হৈছে । ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আহি এই কথা জানিব পাৰি হতভম্ব হৈ পৰে স্বামী-স্ত্ৰী ।
কিন্তু এই ক্ষেত্ৰত অভিযোগ দাখিল কৰাৰ পিছত ন্যায় প্ৰদান কৰাৰ পৰিৱৰ্তে বিভাগীয় বিষয়াই ধন দাবী কৰিছে বুলি অভিযোগ উত্থাপন কৰে দুয়োগৰাকীয়ে । ইফালে, এই সকলো অভিযোগ নস্যাৎ কৰিছে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া লিনা পাৱে । এতিয়া প্ৰশ্ন হৈছে যে, ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰিয়েই চৰকাৰে দায়িত্ব সামৰিব নে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব ।