ETV Bharat / state

ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ ঘোঁচখোৰ বিষয়াৰ কাহিনী ফাদিল - C I T U

ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ এগৰাকী শিক্ষা বিষয়াই স্বাক্ষৰৰ বিনিময়ত ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছে ৷ অভিযুক্ত এইগৰাকী বিষয়াৰ নাম নিত্যপ্ৰসাদ মহন্ত ৷ ঘোঁচখোৰ বিষয়াগৰাকী ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডত সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে ৷

KAMRUP EDUCATION DEPARTMENT CORRUPTION
ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ ঘোঁচখোৰ বিষয়াৰ কাহিনী ফাদিল
author img

By

Published : Dec 4, 2019, 5:31 PM IST

ছয়গাঁও, ৪ ডিচেম্বৰঃ ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ এগৰাকী শিক্ষা বিষয়াই স্বাক্ষৰ কৰাৰ বিনিময়ত ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছে ৷ শিক্ষাৰ দৰে পৱিত্ৰ বৃত্তিত কালিমা সনা এইগৰাকী বিষয়াৰ নাম নিত্যপ্ৰসাদ মহন্ত ৷ ঘোঁচখোৰ বিষয়াগৰাকী ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডত সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে ৷ বুধবাৰে নিজ কাৰ্যালয়তে ঘোঁচ লোৱা অৱস্থাত ধৰা পৰে এইগৰাকী বিষয়া ৷ আনহাতে ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়টো বৰ্তমান একপ্ৰকাৰ বজাৰত পৰিণত হৈছে ৷ বিষয়াগৰাকীয়ে প্ৰতিটো স্বাক্ষৰৰ বাবদ ঘোঁচ লোৱাতো এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ শিক্ষা বিষয়াগৰাকীৰ এই কাণ্ডই চকু কপালত তুলিছে সচেতন মহলৰ ৷ উল্লেখ্য যে, প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত বুলি দম্ভালি মৰা বিষয়াগৰাকীয়ে দীৰ্ঘদিন ধৰি চলাই আহিছে এই ব্যৱসায় ৷

ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ ঘোঁচখোৰ বিষয়াৰ কাহিনী ফাদিল

ইপিনে প্ৰাপ্ত অভিযোগ মতে, শিক্ষকৰ দৰমহা আদায়, সংখ্যালঘু শিক্ষাৰ্থীৰ বৃত্তি প্ৰদান আদিকে ধৰি সকলো বিষয়তে ধনৰ বিনিময়তহে স্বাক্ষৰ কৰে অভিযুক্ত বিষয়াগৰাকীয়ে । ইয়াৰ পিছত শূন্য সহনশীলতাৰ শ্ল’গান দিয়া চৰকাৰখনে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় হ’ব ৷ ঘটনা সন্দৰ্ভত চি আই টি ইউ-ৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত বুধবাৰে এখন লিখিত অভিযোগ দাখিল কৰে ৷ জিলা শিক্ষা বিষয়াগৰাকীয়ে এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷

লগতে চাওক:চিকেন লেগক লৈ টনাটনি !!

Intro:ছয়গাঁও প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ চহীৰ বিনিময়ত ধন দাবী ৷ জিলা শিক্ষা বিষয়াৰ ওচৰত অভিযোগ দাখিল ৷ Body:ছয়গাঁও ৪ ডিচেম্বৰ : এগৰাকী ঘোচখোৰ কলংকিত শিক্ষা বিষয়া ৷ শিক্ষাৰ দৰে পবিত্ৰ অনুষ্ঠান ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া নিত্য প্ৰসাদ মহন্ত ৷ শিক্ষা বিষয়া হৈও কেৱল চহী বিক্ৰীৰ বাবে বজাৰ মেলি দিয়া এইগৰাকী শিক্ষ‍া বিষয়াই নিজৰ কাৰ্যালয়ত ঘোচ লোৱাৰ দৃশ্য বন্দী হ’ল গোপন কিমেৰাত ৷ শিক্ষা বিষয়া গৰাকীৰ এই কাণ্ডই এতিয়া চকু কপালত তুলিছে সচেতন মহলৰ ৷ এই গৰাকী শিক্ষা বিষয়াই কিদৰে কোৰোণাৰে ধন চপাইছে চাওক এই দৃশ্যলৈ ৷ উল্লেখযোগ্য যে প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত বুলি দম্ভালি মৰা শিক্ষা বিষয়া গৰাকীয়ে দীৰ্ঘদিন ধৰি চলাই আহিছে ছয়গাঁও শিক্ষা খণ্ড কাৰ্যালয়ত ৷ আৰু তাৰেই প্ৰমাণ হিচাপে তেওঁ কৰি অহা দুৰ্নীতিৰ তথ্য এয়া । হয় এইগৰাকীয়েই দুৰ্নীতিগ্ৰস্ত ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া নিত্য প্ৰসাদ মহন্ত । জানিবপৰামতে ধনৰ বিনিময়ত চহী বিক্ৰীৰ বজাৰ পতাৰ অভিযোগ দীৰ্ঘদিনীয়া যদিও প্ৰভাৱশালী মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ বাবে কাকোৱে কেৰেপ কৰা‍ নাছিল এই গৰাকী শিক্ষা বিষয়াই । অৱশেষত এশ গৰু খালে বাঘৰো মৰণ মিলাৰ দৰে শিক্ষা বিষয়া গৰাকীৰো একেই গতি হ’ল ৷ ইমানদিনে দুৰ্নীতি কৰি থকাৰ তথ্য তথা এই দৃশ্য বন্দি হ’ল কেমেৰাত । নিৰ্লজ্জভাৱে শিক্ষকৰ পৰা ধন বিছাৰিছে আৰু দুহাতেৰে ধন লোৱাৰ দৃশ্য বন্দি হৈছে কেমেৰাত । অভিযোগমতে শিক্ষকৰ দৰমহা আদায়, সংখ্যালঘু শিক্ষাৰ্থীৰ বৃত্তি প্ৰদানকে ধৰি সকলো বিষয়তেই ধনৰ বিনিময়তহে চহী কৰে এইগৰাকী শিক্ষা বিষয়াই। কিন্ত ইমানৰ পিছতো শূন্য সহনশীলতাৰ শ্ল’গান দিয়া চৰকাৰখনে কিম্বা হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ এইগৰাকী ঘোচখোৰ কলংকিত শিক্ষা বিষয়া নিত্য প্ৰসাদ মহন্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব অতি লক্ষ্যণীয় ৷ আনহাতে ছয়গাঁও প্ৰাথমিক শিক্ষা খণ্ডৰ এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত আজি এখন লিখিত অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে ৷ এতিয়া জিলা শিক্ষা বিষয়াই এইগৰাকী দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও হ’ব অতি লক্ষ্যণীয় ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.