ৰঙিয়া, 4 মে': বিশৃংখল পৰিস্থিতিৰ বাবে ৰঙিয়াত আৰক্ষীয়ে বন্ধ কৰিলে দোকান । লক্ ডাউন শিথিল কৰাৰ লগে লগে ৰঙিয়াৰ ঠায়ে ঠায়ে ব্যাপক বিশৃংখলতাৰ সৃষ্টি কৰিছে একাংশ লোকে । প্ৰশাসনে জাৰি কৰা নীতি-নিয়ম পালন নকৰি একাংশ লোকে এফালৰ পৰা খুলি গৈছে দোকান-পোহাৰ । লগতে সামাজিক দূৰত্বও মানি চলা পৰিলক্ষিত নহ'ল সেই লোকসকলৰ মাজত ।
সোমবাৰে সমগ্ৰ ৰঙিয়া চহৰখনতে সৃষ্টি হোৱা বিশৃংখল পৰিবেশৰ বাবে দোকান সমূহ বন্ধ কৰি দিয়ে আৰক্ষীয়ে । কিয়নো ব্যৱসায়ীসকলে পালন কৰা নাই নিজ-নিজ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত জাৰি কৰা নীতি নিয়ম ।