ৰঙিয়া,8 মাৰ্চ: বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে । সাতটাকৈ ৰাজনৈতিক দল লগ হৈ গঠন কৰা মিত্ৰজোঁটে এইবাৰ পণ লৈছে শাসকীয় দল বিজেপিক ওফৰাই পেলাবলৈ ৷ সোমবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত জ্যেষ্ঠ কংগ্ৰেছী নেতা বিবুলৰ ৰহমানে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক কটাক্ষ কৰি কয় যে, যোৱা পাঁচটা বছৰত দুৰ্নীতিৰ পাহাৰ গঢ়িছে ভৱেশ কলিতাই ৷ হিন্দু-মুছলমানৰ কথা কৈ ভোট বিচৰা মন্ত্ৰী গৰাকীয়ে কিন্তু টকা লয় মুছলমানৰ পৰাহে ৷ সাধাৰণ ভোটাৰৰ আগত হিন্দু-মুছলমানৰ ৰাজনীতি কৰে জলসিঞ্চন মন্ত্ৰী গৰাকীয়ে ৷
ইফালে বিপিএফ দলৰ প্ৰাক্তন ইএম মহেশ্বৰ বসুমতাৰীয়ে বিজেপি আৰু ইউপিপিএলক তীব্ৰ কটাক্ষ কৰি কয়, বিজেপিক বিদায় দিবলৈ সাজু হৈছে মিত্ৰজোঁট । বিশ্বাসঘাটক, স্বেচ্ছাচাৰী, স্বাৰ্থপৰ আৰু অহংকাৰী বিজেপি আৰু ইউপিপিএলৰ মিত্ৰজোঁট মানেই মহাজোঁট । ভেৰগাঁৱৰ ইউপিপিএলৰ কাৰ্যালয়ত এতিয়া তলা লাগিবহে বাকী আছে ৷
লগতে পঢ়ক: টীয়কত পল্লৱী গগৈৰ মনোনয়ন দাখিল