গুৱাহাটী , 27 মাৰ্চ : আমবাৰীৰ অগপৰ কাৰ্যালয়ত বিজেপি আৰু অসম গণ পৰিষদৰ যুটীয়া বৈঠক ৷ গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাক জয় যুক্ত কৰাৰ বাবে সকলো অগপ আৰু বিজেপি কৰ্মীক যুটীয়া ভাবে কাম কৰি যাবলৈ আহ্বান বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ৷
কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা এতিয়া স্পষ্ট বুলি কোৱাৰ লগতে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই মিত্ৰতাই বিজেপি মিত্ৰজোঁটক কোনোধৰণে ক্ষতি নকৰে বুলি প্ৰকাশ কৰে ৷ কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা অসমৰ বাবে অশনি সংকেত বুলিও বিজেপিৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে৷
আনহাতে গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাই কয় যে তেজপুৰৰ দৰে সংস্কৃতিবান চহৰত বিজেপিয়ে এম জি ভি কে ভানুৰ দৰে এগৰাকী বহিৰাগতক প্ৰাৰ্থীত্ব প্ৰদান কৰা বিষয়টোৱে তেজপুৰবাসীক কষ্ট দিছে ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজয় নিশ্চিত বুলিও আত্মবিশ্বাস প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷