গুবাহাটী 15মেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা আৰ্থিক পেকেজ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ । এই পেকেজৰ পৰা অসমে বিশেষ লাভান্বিত নহয় বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীক দাবী কৰাৰ পৰিৱৰ্তে প্ৰশংসাত ব্যস্ত হৈ আছে ৰাজ্যৰ দুটাকৈ কাগজ কল আজি ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷ এই কাগজ কলৰ পুণৰ উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক দাবী জনাব লাগিছিল বুলি উল্লেখ কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে। অসম চৰকা এই ক্ষেত্ৰত ব্যৰ্থ বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই।
যি সকল অসমৰ যুৱক যুৱতী বহিঃ ৰাজ্যত কাম উদ্দেশ্যে গৈ আৱদ্ধ হৈ ৰৈছে, তেওঁলোক যথেষ্ট মানসিক যন্ত্ৰনাত ভুগি আছে। অত্যন্ত দুখৰ বিষয় যে, ইতিমধ্যে দুই-তিনিজন যুৱক যুৱতীয়ে মানসিক অশান্তিৰ ফলত আত্মহত্যা কৰাৰ খবৰো পাইছোঁ। যদিও ভাৰত চৰকাৰে একোখন কৈ ৰেল দিল্লীৰ পৰা অসমলৈ পথোৱাৰ সিদ্ধান্ত লৈছে আৰু এখন ৰেল তামিলনাডুৰ পৰা চিকিৎসাৰ বাবে যোৱা ব্যক্তিসকলক লৈ আহি আছে। তেনেক্ষেত্ৰত চৰকাৰলৈ মোৰ অনুৰোধ যেন, অন্য ৰাজ্যত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত অৱস্থাত থকা যুৱক-যুৱতী সকলৰ কথাও অলপ গুৰুত্ব সহকাৰে লওঁক আৰু অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা হাতত লওঁক ৷
লগতে পঢ়কঃ অন্ধ্ৰপ্ৰদেশত আবদ্ধ অসমৰ চাৰি শতাধিক শ্ৰমিক