ETV Bharat / state

বিদ্যালয় খোলাক লৈ দোমোজাত পৰিছে কৰ্তৃপক্ষ - বিদ্যালয় খোলাক লৈ দোমোজাত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ

চৰকাৰে সম্পূৰ্ণ COVID প্ৰট'কলৰ মাজেৰে বিদ্যালয় সমূহ খোলাৰ নিৰ্দেশনা প্ৰদান কৰিছে যদিও ইয়াকে লৈ ভিন্ন বিদ্যালয় কৰ্তৃপক্ষৰ মাজত সৃষ্টি হৈছে দোমোজাৰ ৷

আৰ.বি উচ্চতৰ মাধ্যমিক বিদ্যালয়
আৰ.বি উচ্চতৰ মাধ্যমিক বিদ্যালয়
author img

By

Published : Sep 20, 2020, 12:57 PM IST

আজাৰা, 20 ছেপ্তেম্বৰ: অহা 21 ছেপ্তেম্বৰৰ পৰা বিদ্যালয় সমূহ পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ পাচতে বিপাঙত পৰিছে মিৰ্জাৰ আৰ.বি উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ ৷ চৰকাৰে সম্পূৰ্ণ COVID প্ৰট'কলৰ মাজেৰে বিদ্যালয় সমূহ খোলাৰ নিৰ্দেশনা প্ৰদান কৰিছে যদিও ভিন্ন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ মাজত পৰিলক্ষিত হৈছে দোমোজাৰ ৷ ব্যতিক্ৰম নহয় দক্ষিণ কামৰূপৰ আগশাৰীৰ শিক্ষানুষ্ঠান মিৰ্জাস্থিত আৰ.বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কৰ্তৃপক্ষ ৷

বিদ্যালয় খোলাক লৈ দোমোজাত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ

উল্লেখ্য় যে, বিদ্যালয় খনৰ কিছু নিলগত থকা বিদ্যালয়ৰ খেলপথাৰতে আছে ৭০০ খন বিছনাযুক্ত এখন COVID কেয়াৰ কেন্দ্ৰ ৷ বৰ্তমানো সেই কেন্দ্ৰত ৪৫০ গৰাকী কৰ'ণা আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে ৷ দৈনিক বহু ৰোগী, চিকিৎসক তথা চিকিৎসা কৰ্মীৰ অহা-যোৱা অব্যাহত থাকে বিদ্যালয় খনৰ নিচেই কাষেৰে ৷ তেনে স্থলত মাথো কেইমিটাৰমান নিলগত অৱস্থিত বিদ্যালয়খন খোলাৰ ক্ষেত্ৰত দোমোজাত পৰিছে কৰ্তৃপক্ষ ৷ যদিহে কেনেবাকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মাৰাত্মক মহামাৰীবিধ সংক্ৰমিত হয় তেন্তে তাৰ পৰিণাম সহজেই অনুমেয় বুলি শংকা প্ৰকাশ কৰে কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: বিপদত ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগঃ সবিশেষ জনালে প্ৰযোজক মুনীন্দ্ৰ বৰ্মণে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.