ETV Bharat / state

কলেজ অৱ এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ বৃহৎ সাফল্য

author img

By

Published : Aug 6, 2021, 10:45 AM IST

এয়াৰ ইণ্ডিয়া(Air India)ৰ পৰা পোনপটীয়াকৈ ব্যৱহাৰিক শিক্ষা লাভ কৰিব পাৰিব কলেজ অৱ এৰ'নটিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীয়ে । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ নতুন নিয়মাৱলী CAR 147(basic)ৰ অনুমোদন লাভ কৰিছে কলেজ অৱ এৰ'নটিকেল ইঞ্জিনীয়াৰিঙে । এই নতুন নিয়মাৱলী আন্তৰ্জাতিক বিমান পৰিবহন সংস্থাৰ(International Aviation Organization) দ্বাৰা পৰিচালিত ।

College of Aeronautical engineering
কলেজ অৱ এৰ’নটিকেল ইঞ্জিনিয়াৰিঙৰ বৃহৎ সাফল্য

ছয়গাঁও, ৬ আগষ্ট: অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ অনুমোদনপ্ৰাপ্ত সমগ্ৰ পূৱ ভাৰতৰ ভিতৰত একমাত্ৰ মহাবিদ্যালয় হৈছে কলেজ অৱ এৰ'নটিকেল ইঞ্জিনীয়াৰিং চমুকৈ চি.এ.ই(College of Aeronautical engineering) । শিক্ষানুষ্ঠানখনে ২০০৯ চনৰ ৮ জুনৰ পৰাই ছাত্ৰ-ছাত্ৰীক এয়াৰক্ৰাফট মেইণ্টেনচ ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ পাঠদান কৰাৰ বাবে অনুমোদন লাভ কৰিছিল । শিক্ষানুষ্ঠানখনে এইবেলি শিক্ষাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছে । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ নতুন নিয়মাৱলী CAR 147(basic)ৰ অনুমোদনো ভাৰত চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে এই মহাবিদ্যালয়খনে ।

এই নতুন নিয়মাৱলী আন্তৰ্জাতিক বিমান পৰিবহন সংস্থাৰ (International Aviation Organization) দ্বাৰা নিয়ন্ত্ৰিত । এখন মহাবিদ্যালয় CAR 147 (basic) অনুমোদিত মানে মহাবিদ্যালয়খনে ব্যৱহাৰিক শিক্ষাৰ বাবে বৃহৎ উৰাজাহাজ সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব লাগে আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব । এতিয়া ছাত্ৰ-ছাত্ৰীসকলে Air Indiaৰ পৰা পোনপটীয়াকৈ ব্যৱহাৰিক শিক্ষা লাভ কৰিব পাৰিব । ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ উৰাজাহাজবোৰত কাম কৰি অভিজ্ঞ হ'ব পাৰিব ।

অসমৰ দৰে ৰাজ্যত এনেকুৱা উচ্চ মানৰ পাঠ্যক্ৰমৰ শিক্ষা আগবঢ়োৱাটো বৰ কঠিন, য'ত কোনো ধৰণৰ উৰাজাহাজৰ তত্বাৱধানৰ বাবে অনুমোদিত সংস্থা নাই । কিন্তু চি.এ.ইয়ে অতি কষ্টৰে অসমৰ পিছপৰা বিমান উদ্যোগৰ উত্থানৰ বাবে যোৱা ৩ বছৰে অহৰহ চেষ্টা কৰি এই অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে ।

CAR 147 (basic)ৰ অনুমোদন লাভ কৰা ভাৰতৰ কেইখনমান মহাবিদ্যালয়ৰ ভিতৰত কলেজ অৱ এৰ'নটিকেল ইঞ্জিনীয়াৰিং অন্যতম । কলেজ অৱ এৰ'নটিকেল ইঞ্জিনীয়াৰিং আন মহাবিদ্যালয়তকৈ ব্যতিক্ৰম, কাৰণ ইয়াত অসমৰ দুখীয়া ল'ৰা-ছোৱালীৰ আৰ্থিক দিশটোৰ ওপৰত লক্ষ্য কৰি ভাৰত চৰকাৰৰ এয়াৰ ক্ৰাফট মেইণ্টেইনছ ইঞ্জিনিয়াৰং(AME) পাঠ্যক্ৰমৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদিত এৰ'নটিকছ বিষয়ৰ স্নাতক (B.Sc Aeronautics) এই দুয়োটা পাঠ্যক্ৰম কম খৰছতে অধ্যয়নৰ সুবিধা প্ৰদান কৰা হয় । ইয়াৰ পৰা উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিমান উদ্যোগ যেনে Air India, Air Asia, Vistara, Drunk air, Indigo, Spice, Jet, Airworks, Indamar আদিত সংস্থাপন লাভ কৰে আৰু এয়া মহাবিদ্যালয়খনৰ কাৰণে গৌৰৱৰ কথা । উল্লেখ্য যে, বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ AMC পাঠ্যক্ৰম আৰু CAE ৰ AME ৰ পাঠ্যক্ৰম ১০০ শতাংশই একে ৷

লগতে পঢ়ক:সুখবৰ: এতিয়াৰে পৰা ৰে’লেৰে গোৱা ভ্ৰমণ কৰিব পাৰিব তীৰ্থযাত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.