গুৱাহাটী, 30 নৱেম্বৰঃ শনিবাৰে গুৱাহাটীৰ সমীপৱৰ্তী দ্বীপৰ বিলত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিয়লি হঠাতে বিলখনত উপস্থিত হৈ দ্বীপৰ বিলৰ সৌন্দৰ্য্য উপভোগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ দ্বীপৰ বিলৰ থকা টাৱাৰত উঠি দ্বীপৰ বিলৰ সৌন্দর্য উপভোগ কৰিলে সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাসে ।
আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দ্বীপৰ বিলত উপস্থিত হোৱা সন্দৰ্ভত ৰনজিৎ দাসে কয়, "দ্বীপৰ বিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ সপোন আছে বাবে মুখ্যমন্ত্ৰী গৰাকী এনদৰে হঠাৎ দ্বীপৰ বিল পৰিভ্ৰমণ কৰে ৷ আগন্তুক দিনত এই সপোন ফলপ্ৰসূ কৰি আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত দ্বীপৰ বিলক উজ্বলাবলৈ হয়টো উপস্থিত হৈছে মুখ্যমন্ত্ৰী গৰাকী ।"