ETV Bharat / state

বাঘজানৰ পৰিস্থিতিৰ বুজ লবলৈ ৰাওনা দেশৰ পেট্ৰলিয়াম মন্ত্ৰী

author img

By

Published : Jun 14, 2020, 12:04 PM IST

এসপ্তাহ সম্পূৰ্ণ বাঘজান অগ্নিকাণ্ডৰ ৷ প্ৰায় এসপ্তাহৰ অন্তত বাঘজানৰ অগ্নিকাণ্ডৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লবলৈ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে ঘটনাস্থলীলৈ ৰাওনা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বায়ু সেনাৰ বিশেষ বিমানেৰে ৰাওনা হৈছে মন্ত্ৰী দুগৰাকী ৷

CM of assam and union petroleum minister on the way to visit baghjan kamrup assam etv bharat news
বাঘজানৰ পৰিস্থিতিৰ বুজ লবলৈ ৰাওনা ৰাজ্যৰ মুখ্যমন্ত্ৰী

আজাৰা,14 জুন: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে ৰাওনা হৈছে বাঘজানলৈ ৷ বাঘজানৰ শেহতীয়া ভয়াৱহ পৰিস্থিতিৰ বুজ লবলৈ মুখ্যমন্ত্ৰীৰ সৈতে ৰাওনা হৈছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷ গুৱাহাটীৰ আজাৰাস্থিত বৰঝাৰ বিমানবন্দৰৰ পৰা বায়ুসেনাৰ বিশেষ হেলিকপ্তাৰেৰে ৰাওনা হৈছে মন্ত্ৰী দুগৰাকী ৷ বাঘজানলৈ যোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী শনিবাৰে বিয়লি উপস্থিত হৈছিল গুৱাহাটীত ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নিশাটো গুৱাহাটীত কটোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মিলিত হয় এক বৈঠকত ৷ ইতিমধ্যে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৃথকে পৃথকে কেইবাজনো বিদেশী বিশেষজ্ঞ আহি পৰিস্থিতিৰ বুজ লৈ আছে যদিও নিৰ্বাপিত হোৱা নাই তৈলখাদটোত সংঘটিত হোৱা জুই ।

লগতে চাওকঃ ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী সাংসদ বদৰুদ্দিন আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.