ETV Bharat / state

CM Himanta Biswa Sarma in Raas: দেশজুৰি সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন হ’ব লাচিত দিৱস - 7 দিনীয়া কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন

উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰতো ৰাস মহোৎসৱত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma at Raas Mahotsav) ৷

CM Himanta Biswa Sarma at North Guwahati Raas Mahotsav
CM Himanta Biswa Sarma in Raas: দেশজুৰি 7 দিনীয়া কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন
author img

By

Published : Nov 14, 2022, 8:08 AM IST

গুৱাহাটী, 14 নৱেম্বৰ: ৰাজ্যজুৰি ৰাসৰ উখল মাখল পৰিৱেশ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰতো ৰাস মহোৎসৱ পালন কৰা হৈছে (CM Himanta Biswa Sarma at Raas Mahotsav) ৷ পূৰ্বৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰাসত উপস্থিত হৈ ভগৱান শ্ৰীকৃষ্ণৰ চৰণত আশীষ লৈ কয়, "এই ৰাস আৰম্ভ হোৱাৰ পৰাই মই উপস্থিত থাকিবলৈ চেষ্টা কৰো ৷ আশা কৰিম অহাবছৰ এই ৰাস আৰু আটক ধুনীয়াকৈ পালন কৰা হ’ব ৷"

মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে ৰাস কমিটীৰ লোকৰ লগতে উত্তৰ গুৱাহাটীবাসী ৷ তেওঁ সমগ্ৰ ৰাসস্থলী পৰিদৰ্শন কৰে (CM Himanta Biswa Sarma at North Guwahati) ৷

ইফালে এইবাৰ ৰাজ্যৰ লগতে দেশজুৰি বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৪০০ বছৰীয়া লাচিত দিৱস (CM comemnted on Lachit Divas) ৷ দিল্লীত ৭ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "চৰকাৰী প’ৰ্টেলত লাচিত বৰফুকনৰ ইতিহাস সমূদ্ধ লিখনি আপলোড কৰিলে এখন চাৰ্টিফিকেট প্ৰদান কৰা হ’ব ৷ ইতিমধ্যে দেশ বিদেশৰ লগতে বহু লোকে এই প’টেলত লাচিত বৰফুকন সমৃদ্ধ লিখনিসমূহ আপলোড কৰিছে ৷

CM Himanta Biswa Sarma in Raas: দেশজুৰি 7 দিনীয়া কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন

23 নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগা এখন সভাত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন ডকুমেণ্টৰী মুকলি কৰা হ’ব ৷ 24 নৱেম্বৰ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) বিজ্ঞান ভৱনৰ এখন সভাত অংশগ্ৰহণ কৰি সমাপন ভাষণ প্ৰদান কৰিব ৷ বিজ্ঞান ভৱনত অসমৰ 2000 বছৰৰ পৰিক্ৰমাৰে এক প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷"

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় শীঘ্ৰেই বেদখল মুক্ত হ'ব উত্তৰ কামৰূপত থকা ঐতিহাসিক মোমাই কটা গড় ৷ পূৰ্বৰ চৰকাৰৰ সময়ত মোমাই কটা গড়ৰ ভূমিৰ পট্টা আৱন্টন দি যোৱাৰ বাবে বেদখল মুক্ত কৰাত বিলম্ব হৈছিল ৷ সম্প্ৰতি মোমাইকটা গড়ত থকা লোকসকলক জিলা প্ৰশাসনে অন্য স্থানলৈ স্থানান্তৰ কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰকীয়ে ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে ভিন্ন কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হ’ব ৷ ইয়াৰোপৰি উত্তৰ কামৰূপত অতি শীঘ্ৰেই আলাবৈ ৰণৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাও ।

লগতে পঢ়ক: Lachit Divas 2022 : বোন্দাত দুদিনীয়াকৈ আয়োজন লাচিত দিৱসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.