ETV Bharat / state

মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা শিশুৰে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

author img

By

Published : Jul 23, 2021, 10:09 PM IST

অসম আৰক্ষীৰ (Assam Police) বিশেষ অভিযানত ছিক্কিমৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে 42 টাকৈ শিশু ৷ শুকুৰবাৰে শিশু কেইটাৰে মত-বিনিময় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷

cm-himanta-bishwa-sarma-interact-with-rescued-child
উদ্ধাৰ হোৱা শিশুৰে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

গুৱাহাটী, 23 জুলাই: বি টি এ ডিৰ বিভিন্ন প্ৰান্তৰ পৰা মানৱ সৰবৰাহকাৰীয়ে লৈ যোৱা 80 টা শিশুৰ ভিতৰৰ উদ্ধাৰ হোৱা 42 টি শিশুৰ সৈতে শুকুৰবাৰে গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মত বিনিময় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ উল্লেখ্য যে, কৃষ্ণ যোগী নামৰ এটা মানৱ সৰবৰাহকাৰীয়ে বিগত দুবছৰ ধৰি এই ৰেকেট চলাই আহিছিল আৰু বি টি এ ডি অঞ্চলৰ পৰা লৈ গৈছিল 80 টাকৈ শিশু ৷ অসম আৰক্ষীৰ (Assam Police) এটা দলে ছিক্কিম আৰক্ষীৰ (Sikkim Police) সহযোগত ছিক্কিমৰ পৰা ইয়াৰে 42 টা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে উদ্ধাৰ হোৱা এই 42 টা শিশুৰ লগতে সফলতাৰে এই অভিযান চলোৱা অসম আৰক্ষীৰ দলটোৰ সৈতেও মত বিনিময় কৰে ৷

আনহাতে, এই চক্ৰটোৰ মূল কাণ্ডাৰী কৃষ্ণ যোগী আৰু টীকাৰাম নামৰ এজন গাড়ীচালকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইপিনে শিশুকেইটিৰ সৈতে মত বিনিময় কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, অসম আৰক্ষীয়ে (Assam Police) মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অতি শক্তিশালী অভিযান আৰম্ভ কৰিব ৷ লগতে ড্ৰাগছৰ বেহা আৰু চোৰাং গৰুৰ সৰবৰাহতকৈও মানৱ সৰবৰাহ বেছি ভয়াৱহ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইপিনে 80 টা শিশুৰ ভিতৰত কিছুসংখ্যকক ইতিমধ্যে ডুবাই আৰু দক্ষিণ ভাৰতৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, শিশু সৰৱৰাহৰ তথ্য লাভ কৰাৰ পাছতে শিশু কেইটাক উদ্ধাৰৰ বাবে বিশেষ ভাৱে তৎপৰ হৈ পৰিছিল অসম আৰক্ষী (Assam Police) ৷ শেহতীয়াকৈ ছিক্কিম আৰক্ষীৰে (Sikkim Police) যোগাযোগ কৰি তথা অভিযান চলাই সৰবৰাহকাৰীৰ কৱলত পৰা মুঠ 80 টা শিশুৰ 42 টা শিশুক উদ্ধাৰ কৰে ৷ আৰক্ষীৰ এই তৎপৰতাক শলাগ লৈছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ ক’ত হেৰাল APSC- পৰীক্ষাৰ ৭০ খন উত্তৰবহী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.