আজাৰা, 5 জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰীৰ গাতে লাগি থকা দ্বীপৰ বিলৰ সমীপৰ চকৰ্দৈস্থিত বন বিভাগৰ ৰাণী সংৰক্ষিত এলেকাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যও ৷ বন বিভাগৰ সংৰক্ষিত এলেকাটোত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰে ৷ গছপুলি ৰোপণৰ পিচত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি নৱ প্ৰজন্ম, দল সংগঠনৰ লগতে সকলো লোককে গছপুলি ৰুই জৈৱ বৈচিত্ৰৰে অসমক উজ্বলাই তুলিবলৈ আহ্বান জনায় ৷
লগতে পঢ়কঃ জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ