গুৱাহাটী, ২৫ ডিচেম্বৰ: শীতৰ আগমণৰ লগে লগে পৰ্যটনস্থলীসমূহত পৰ্যটকৰ আগমণ বৃদ্ধি হয় । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চানডুবিয়েও হাতবাউল দি মাতে পৰ্যটকক । কিন্তু বনভোজৰ দলবোৰে প্ৰায়েই পৰ্যটনস্থলীখন লেতেৰা কৰা পৰিলক্ষিত হয় । বনভোজৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰীবোৰ য'তে ত'তে পেলাই অহাৰ বাবে চানডুবিৰ বনভোজথলীয়ে কদৰ্যময় ৰূপ লয় ।
![Awareness programme held in Chandubi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-awarenessprogramatchanddubi-7210645_24122021191910_2412f_1640353750_977.jpg)
সেয়ে, শুকুৰবাৰে চানডুবিত স্বচ্ছতা অভিযান চলায় গুৱাহাটী কলেজ অৱ আৰ্কিটেক্সাৰ এণ্ড প্লেনিং নামৰ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে(Cleanliness drive by students in Chandubi) । পৰাংগম শৰ্মাৰ নেতৃত্বত যোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোৱে চাফাই অভিযান চলাই চানডুবি অঞ্চলত বাস কৰা লোকসকলক পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে সজাগ কৰাৰ প্ৰয়াস কৰে । লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে কিদৰে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰি সেই বিষয়ে ৰাইজক অৱগত কৰে ছাত্ৰ-ছাত্ৰীসকলে । ইয়াৰ উপৰিও উক্ত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে বনভোজৰ বাবে অহা লোকসকলৰ মাজতো সজাগতা বৃদ্ধিৰ বাবে প্ৰয়াস কৰে(Awareness programme held in Chandubi) ।
চানডুবিৰ প্ৰাকৃতিক পৰিৱেশ যাতে বনভোজৰ পিছত পুনৰ লেতেৰা নহয়, তাৰ বাবে সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা লোৱা হয় । লগতে ছাত্র-ছাত্ৰীসকলে চানডুবিৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ বনভোজলৈ অহা লোকসকলক আহ্বান জনায় । ইফালে এই সজাগতামূলক কাৰ্য্যসূচীৰ প্ৰতি গাঁওবাসীয়েও সহযোগিতা আগবঢ়ায় ।
লগতে পঢ়ক:Maina Parijat in Teok : তিনিদিনীয়া কাৰ্যসূচীৰে টীয়কত মইনা পাৰিজাতৰ অধিৱেশন