গুৱাহাটী, 26 নৱেম্বৰঃ সমগ্ৰ দেশতে কৃষক আন্দোলন ক্ৰমাৎ তীব্ৰতৰ হ'বলৈ আৰম্ভ কৰিছে ৷ ইতিমধ্যে প্ৰশাসনৰ বাধাক নেওচি দিল্লীমুখী যাত্ৰা অব্যাহত ৰাখিছে পাঞ্জাৱ হাৰিয়ানাৰ দুুই লাখ কৃষকে ৷
ইয়াৰ সমান্তৰালভাৱে শ্ৰমিক-কৃষক স্বাৰ্থবিৰোধী বিজেপি চৰকাৰৰ নীতি পৰিবৰ্তনৰ দাবীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰঙিয়াত চিটুৱে(CITU) উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অংশলৈ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে চিটুৰ প্ৰতিবাদকাৰী সকলে।
![CITU protest againts bjp policy](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-rangia-26nov-813-to-817-visbitephoto-citu-bandana-sarma-as10040_26112020171245_2611f_1606390965_144.jpg)
প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড, পতাকা লৈ চিটুৰ কৰ্মীসকলে ৰঙিয়াৰ মাজেৰে এক সমদল উলিয়াই মূল্যবৃদ্ধি ৰোধ, ৰাজহুৱা খণ্ডৰ বেচৰকাৰীকৰণৰ নীতি প্ৰত্যাহাৰ, শ্ৰমিক বিৰোধী বিধিসমুহ প্ৰত্যাহাৰ, কৃষক বিৰোধী আইনসমূহ বাতিল কৰাৰ দাবী উত্থাপন কৰে ৷
তদুপৰি নতুন কৰ্ম সংস্থাপন সৃষ্টি, শিক্ষাৰ বেচৰকাৰীকৰণ আৰু বাণিজ্যকৰণৰ নীতি বাতিল, দৰিদ্ৰ/ নিম্নৱিত্ত পৰিয়ালক মাহিলি ৭,৫০০ টকা প্ৰদান, প্ৰত্যেককেই বিনামূলীয়া ১০ কেজিকৈ চাউল বিতৰণ, নাৰী নিৰ্যাতন বন্ধ কৰা, কাগজকল পুনৰুজ্জীৱিত কৰা, আঁচনিভুক্ত কৰ্মীক মজুৰি দিয়া, সকলো শ্ৰমিকক পেঞ্চন দিয়া, এন পি এচ বাতিল কৰা, চাহ বাগিচাৰ শ্ৰমিকক ৩৫১ টকা দিয়াৰ দাবীকে ধৰি মুঠ বাৰটা দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।
উল্লেখ্য যে, প্ৰায় চাৰি শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা সমদলৰ অন্তত CITU ৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷