ETV Bharat / state

পুখুৰীলৈ কোনে দলিয়ালে কণমানি আহমেদ খানক ! - শিশু হত্যা

এগৰাকী মাতৃৰ বিৰুদ্ধে উত্থাপন হৈছে নিজৰ ডেৰ বছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগ ৷ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে গৰৈমাৰীত ৷

dead body
dead body
author img

By

Published : Jan 22, 2021, 1:47 PM IST

নিউজ ডেস্ক, 22 জানুৱাৰী : মানৱ সমাজক জোঁকাৰি যোৱা এক ঘটনা সংঘটিত হৈছে দক্ষিণ কামপৰূপৰ গৰৈমাৰী অঞ্চলত ৷ এগৰাকী মাতৃৰ বিৰুদ্ধে উত্থাপন হৈছে নিজৰ ডেৰ বছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগ ৷ এটা পুখুৰীত উপঙি আছিল শিশুটিৰ মৃতদেহ ৷ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে গৰৈমাৰীত ৷

প্ৰাপ্ত খবৰ অনুসৰি, গৰৈমাৰীৰ কানহাৰা গাঁৱৰ মিজানুৰ খান আৰু তেওঁৰ পত্নীৰ দীৰ্ঘদিনীয়া সংঘাতৰ অন্তত কিছুদিন পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল ৷ কিন্তু তাৰ পাচতো স্বামী গৃহলৈ আহিছিল মহিলাগৰাকী ৷ বৃহস্পতিবাৰে নিশাৰ ভাগত স্বামীৰ সৈতে পুনৰ কাজিয়াৰ সূত্ৰপাত হয় ৷ তাৰ পাচতেই সন্ধানহীন হয় তেওঁলোকৰ ডেৰ বছৰীয়া পুত্ৰ আহমেদ খান ৷

পুৱা পুখুৰীত উপঙি থকা অৱস্থাত শিশুটি উদ্ধাৰৰ পাচতে সৃষ্টি হয় চাঞ্চল্যৰ ৷ স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি মাতৃগৰাকীয়েই হয়তো পুখুৰীৰত দলিয়াই হত্যা কৰিছে শিশুটিক ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গৰৈমাৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক : বৰপেটাত প্ৰতিবাদী শিক্ষকক আৰক্ষীৰ বাধা আদবাটতে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.