কামৰূপ, ৭ মে': কমলপুৰৰ আঠগাঁৱত বৃহস্পতিবাৰে নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বাৰিষাৰ পূৰ্বে অসমৰ সকলোবোৰ ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ কাম হৈ উঠিব বুলি উপস্থিত সাংবাদিকক জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে । গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ স্বাৰ্থত ইতিমধ্যে বিভিন্ন বিভাগৰ কাম-কাজ আৰম্ভ হৈছে ।
লগতে কয় যে, চৰকাৰী কাম-কাজ চলাৰ সমান্তৰালকৈ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ চলি থাকিব বুলি জনাই সংবাদ মাধ্যমক । আনহাতে, মুখ্যমন্ত্ৰীৰ সৈতে মথাউৰি পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে স্থানীয় বিধায়ক সত্যব্ৰত কলিতা, সাংসদ দিলিপ শইকীয়া আৰু মন্ত্ৰী ভৱেশ কলিতা ।