ছয়গাঁও, 12 জুনঃ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰা কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু এটা অভিযুক্তক ৷ মঙলবাৰে নিশা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ডেকাচাঙৰ শ্বাহ আলম নামৰ অভিযুক্তটো ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শ্বাহ আলমক পুৱাৰে পৰা ছয়গাঁও আৰক্ষী থানাত জেৰা কৰাৰ অন্তত বিয়লি আদালতত হাজিৰ কৰোৱা হয় ৷ ইতিমধ্যে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শ্বাহ আলমক ৷
উল্লেখযোগ্য যে যোৱা ৭ জুনৰ নিশা ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰাত শিল্পী দলক উলংগ নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷
লগতে পঢ়কঃ নগ্ন নৃত্য কাণ্ডঃ সিজুবাৰীত প্ৰতিবাদ