বাইহাটা, 27 মে’: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 90 শতাংশ নম্বৰেৰে উত্তীৰ্ণ বাইহাটা চাৰিআলিৰ চাংসাৰিৰ ছাত্ৰ আখতাৰুল আলি ৷ ৰূপকোঁৱৰ একাডেমীৰ ছাত্ৰ গৰাকীৰ সুন্দৰ ফলাফলে বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈও গৌৰৱ কঢ়িয়াই আনিছে ৷ পিতৃহাৰা ছাত্ৰগৰাকীয়ে অতি কষ্টেৰে অধ্যয়ন কৰি আহিছে ৷ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবেও মহাবিদ্যালয় কৰ্তৃপক্ষই সকলো মাচুল বিনামূলীয়া কৰি দিছিল আখতাৰুলৰ বাবে ৷ ইয়াৰোপৰিও, ছাত্ৰগৰাকী মেধাৱী গুণৰ বিষয়ে বুজ লৈ ৰূপকোঁৱৰ একাডেমীৰ অধ্যক্ষ শ্বেখ আব্দুল ফিৰোজে,আখতাৰুলৰ পঢ়োৱাৰ দায়িত্ব লৈছিল ৷
মেধাৱী ছাত্ৰ আখতাৰুলৰ ফলাফলৰ ওপৰত আশাবাদী আছিল সকলো ৷ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত আখতাৰুলে সকলো প্ৰত্যাহ্বান নেওচি ভাল পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰী,ওচৰ-চুবুৰীয়া আৰু শুভাকাংক্ষীসকল ৷